নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি আই পি এলৰ প্লে’অফৰ মেচ: বৰষুণ দিলে ফলাফল নির্ণয় হ’ব ছুপাৰ অ’ভাৰত

নিয়মীয়া বাৰ্তা, ২৪ মে : চলিত আই পি এলৰ প্লে’অফত বৰষুণে আহুকাল সৃষ্টি কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি কিছু নিয়মৰ সালসলনি ঘটোৱা হৈছে৷ সেই অনুসৰি বৰষুণৰ বাবে খেল অনুষ্ঠিত কৰিব পৰা নহ’লে আৰু নিয়মীয়া সময়ত খেলা সম্ভৱ নহ’লে ছুপাৰ অ’ভাৰৰ জৰিয়তে ফলাফল নির্ণয় কৰা হ’ব৷ যদিহে ছুপাৰ অ’ভাৰৰ জৰিয়তেও ফলাফল নির্ণয় কৰা সম্ভৱ নহয়, তেনেহ’লে লীগ পর্যায়ৰ পইণ্টৰ জৰিয়তে নির্ধাৰণ কৰা হ’ব খেলৰ ফলাফল৷ কোনো সংৰক্ষিত দিন নথকা বাবেই কোৱালিফায়াৰ এক, এলিমিনেটৰ, কোৱালিফায়াৰ দুইতো এই নিয়ম প্রযোজ্য হ’ব৷ ফাইনেলৰ বাবে ৩০ মে’ৰ দিনটো সংৰক্ষিত কৰি ৰখা হৈছে৷

You might also like