নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি বিধ্বস্ত হ’লোঁঃ কোহলি

নিয়মীয়া বার্তা, ৩ মার্চঃ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত হোৱাইটৱাছৰ সন্মুখীন হৈ হতাশ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ দ্বিতীয় টেষ্টৰ তৃতীয় দিনা ৭ উইকেটত পৰাস্ত হোৱাৰ পিছত তাৰকাগৰাকীয়ে সোমবাৰে কয় যে এই শৃংখলাটোত টীম ইণ্ডিয়া সম্পূর্ণৰূপে বিধ্বস্ত হৈছে৷

‘শৃংখলাটোত আমি যিধৰণে খেলিব বিচাৰিছিলোঁ, সেয়া হৈ নুঠিল৷ ইয়াৰ বাবে আমি স্বাভাৱিকতে যথেষ্ট অসন্তুষ্ট৷ মই অনুভৱ কৰোঁ যে এই শৃংখলাটোত আমি সম্পূর্ণৰূপে বিধ্বস্ত হৈছোঁ৷ শেহতীয়া সময়ছোৱাত সংঘবদ্ধভাৱে আমি উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিলোঁ যদিও নিউজিলেণ্ডত এই ধাৰা অব্যাহত নাথাকিল৷ শৃংখলাটোত আমি কৰা ভুলসমূহ আমি অস্বীকাৰ কৰিলে নহ’ব৷ ইয়াৰ পৰিৱর্তে ভুল আৰু সমস্যাসমূহ আঁতৰ কৰিব লাগিব৷’–অধিনায়ক কোহলিয়ে এইদৰে কয়৷

তাৰকাগৰাকীয়ে অকপটে স্বীকাৰ কৰে যে বেটছমেনে শৃংখলাটোত বলাৰক সহযোগিতা আগবঢ়াব নোৱাৰিলে৷ দ্বিতীয় টেষ্টত ভাৰতীয় বলাৰে নিউজিলেণ্ডক কম ৰানৰ ভিতৰত বান্ধি ৰাখিবলৈ সক্ষম হৈছিল যদিও বেটছমেনে ইয়াৰ সুযোগ গ্রহণ কৰিব নোৱাৰিলে বুলি কোহলিয়ে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে ভাৰতে টি–২০ত ৫–০ৰ ব্যৱধানত জয়েৰে নিউজিলেণ্ড ভ্রমণৰ আৰম্ভণি কৰিছিল৷ কিন্তু এদিনীয়া শৃংখলা আৰু তাৰ পিছত টেষ্ট শৃংখলাত হোৱাইটৱাছৰ সন্মুখীন হয়৷

You might also like