নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচনৰ আচৰণবিধি ঘোষণা

নিয়মীয়া বার্তা, ৩ মার্চঃ বহুপ্রত্যাশিত গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ নির্বাচনৰ সোমবাৰে ঘোষণা কৰা হয় নির্বাচনী আচৰণবিধি৷

গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলযোগে আচৰণবিধিৰ বিষয়ে ঘোষণা কৰে নির্বাচনী কমিটীৰ প্রিজাইডিং অফিচাৰ অজিত পাটোৱাৰীয়ে৷ পাটোৱাৰীয়ে কয়– আজিৰ পৰা জাৰি কৰা এই আচৰণবিধিত সন্নিৱিষ্ট আছে মুঠ ১২টা গুৰুত্বপূর্ণ নির্দেশনা৷ কোনো প্রার্থীয়ে প্রচাৰ অভিযানৰ সময়ত কোনো প্রলোভনত লিপ্ত হ’ব নোৱাৰিব৷ প্রচাৰ অভিযানৰ সময়ত কোনো প্রার্থী আৰু সমর্থকে প্রতিদ্বন্দ্বী প্রার্থীৰ নেতিবাচক প্রচাৰ বিশেষকৈ চৰিত্র হনন হোৱা প্রচাৰ চলাব নোৱাৰিব৷ এনেধৰণৰ মুঠ ১২টা আচৰণবিধি ভংগ কৰিলে প্রার্থীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ নির্বাচনত ৮১৬গৰাকী ভোটাৰে ভোটদান কৰিব পাৰিব৷ ১০টা পদত মুঠ ৪২গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে৷ কোনো প্রার্থীয়ে যদি মনোনয়ন পত্র উঠাই ল’ব বিচাৰে, তেন্তে মঙলবাৰে দিনৰ ৩ বজাৰ ভিতৰত উঠাই ল’ব পাৰিব৷ অহা ৪ মার্চত প্রকাশ পাব প্রার্থীৰ চূড়ান্ত তালিকা৷

সংবাদ মেলত ৰিটার্নিং বিষয়া তথা অধিবক্তা বিজন মহাজনে কয় যে গুৱাহাটী প্রেছ ক্লাবত নির্বাচনৰ জৰিয়তে গণতন্ত্র প্রতিষ্ঠা কৰাৰ প্রাক্ক্ষণত ভোটাৰসকল উৎফুল্লিত হোৱাটো শুভ লক্ষণ৷ ৮১৬গৰাকী ভোটাৰে নির্বাচনত অংশগ্রহণ কৰিলে গণতন্ত্রৰ ভেটি মজবুত হ’ব৷ ভোটগ্রহণ আৰু ভোটগণনা প্রক্রিয়া সম্পূর্ণ স্বচ্ছ আৰু নিকা হ’ব৷

আনহাতে, ১২ মার্চত অনুষ্ঠিত হ’বলগা নির্বাচনৰ বাবে প্রচাৰ অভিযানৰ সামৰণি পৰিব ১১ মার্চৰ পুৱা ১০ বজাত৷

উল্লেখ্য যে ১৭ বছৰৰ মূৰত গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত হ’ব যদিও প্রাক্তন সম্পাদক নৱ ঠাকুৰীয়াই ভোট দিব নোৱাৰিব৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰে অজিত পাটোৱাৰীয়ে৷ তেওঁ কয়– ১৭ বছৰ ধৰি নৱ ঠাকুৰীয়াই ক্লাবৰ সংবিধান লুকুৱাই থৈছিল৷ যুৱ সাংবাদিকসকলে ইয়াৰ বিৰোধিতা কৰি নির্বাচন অনুষ্ঠিত কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ সংবিধান অনুসৰি ক্লাবৰ ভোটাধিকাৰ পাবৰ বাবে নৱ ঠাকুৰীয়াই বর্তমান কোনো প্রতিষ্ঠানত সাংবাদিকতা কৰি থকাৰ কোনো নির্ভৰযোগ্য প্রমাণপত্র জমা দিব নোৱাৰিলে৷ নৱ ঠাকুৰীয়া বর্তমান কোনো সংবাদ প্রতিষ্ঠানৰ নিয়মীয়া সাংবাদিক নহয়৷ সেয়ে তেওঁৰ ভোটাধিকাৰ কর্তন কৰা হৈছে৷ সংবাদ মেলত ফটো সাংবাদিক অনুপম নাথ, সাংবাদিক সুনীল বৰাও উপস্থিত থাকে৷

You might also like