নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ মেডিকেল কলেজত নষ্ট ক’ভিড ভেকচিনৰ ১০০০ ড’জ

শীতলীকৰণ কক্ষত পৰিণত হ’ল বৰফত

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ বহু প্রতীক্ষাৰ অন্তত সমগ্র দেশৰ লগতে ৰাজ্যত ক’ভিড ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাত সঞ্চাৰ হৈছে আশাৰ৷ এটা ক’ভিড ভেকচিন লাভ কৰিবলৈ ৰাইজে আশা কৰি থকাৰ সময়তে শিলচৰ মেডিকেল কলেজ হাস্পতালত ক’ভিড ভেকচিনৰ ১,০০০ ড’জ নষ্ট হোৱাৰ বাতৰিয়ে প্রতিক্রিয়া সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি, নির্দিষ্ট তাপমাত্রাত নখৰা বাবেই এই ১,০০০ ড’জ ভেকচিন নষ্ট হয়৷ প্রথম পর্যায়ত জিলাখনত চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীসকলৰ বাবে ১৭ হাজাৰ ভেকচিনৰ ড’জ জিলাখনলৈ প্রেৰণ কৰা হৈছিল৷ এই ভেকচিন ২ৰ পৰা ৮ ডিগ্রী চেণ্টিগ্রেডৰ ভিতৰত সংৰক্ষণ কৰি ৰখাটো বাধ্যতামূলক৷ কিন্তু সংশ্লিষ্ট কর্তৃপক্ষৰ হেমাহিৰ বাবে ভেকচিন সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থাটোত তামপাত্রা –১৪ ডিগ্রীলৈ হ্রাস পায়৷ ফলত ভেকচিনৰ ড’জসমূহ বৰফ হয় আৰু মানৱ শৰীৰত প্রদানৰ বাবে অনুপযোগী হৈ পৰে৷ কাৰিকৰী বিজুতিৰ বাবেই এই ভেকচিনসমূহ নষ্ট হোৱা বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি ভেকচিন সংৰক্ষণ কৰি ৰখা ব্যৱস্থাটো অথবা ভঁৰালত তাপমাত্রা উঠা–নমা হ’লে পঞ্জীয়নভুক্ত ম’বাইল নম্বৰলৈ স্বয়ংক্রিয়ভাৱে মেছেজ প্রেৰণ কৰা হয়৷ যাৰ ভিত্তিত ভঁৰালৰ তাপমাত্রা সঠিক হিচাপত ৰাখিব পৰা যায়৷ কিন্তু প্রকৃতার্থত ভেকচিন ৰখা ভঁৰালটো তাপমাত্রা হ্রাস হোৱাৰ পাছত সংশ্লিষ্ট কর্তৃপক্ষই ইয়াৰ খবৰ লাভ কৰিছিল নে নাই, এতিয়াও জানিব পৰা হোৱা নাই৷ অৱশ্যে এই প্রসংগত ন’ডেল বিষয়া ডাঃ পি কে ৰয়ক সংশ্লিষ্ট বিভাগটোৱে শ্ব’কজ কৰিছে৷ তেওঁৰ উপৰি তাৰ দায়িত্বত থকা কর্মচাৰীৰ বিৰুদ্ধেও তদন্ত আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে সমগ্র দেশৰ লগতে যোৱা ১৬ জানুৱাৰীৰ পৰা অসমৰ জিলা হাস্পতাল আৰু চিকিৎসা মহাবিদ্যালয়সমূহত্ ক’ভিড ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হৈছে৷ ইপিনে  শিলচৰ মেডিকেল কলেজ হাস্পতালত ভেকচিনৰ ড’জ বৰফ হৈ যোৱা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ভেকচিনৰ ড’জ গোট মাৰি বৰফ হোৱা সন্দর্ভত তেওঁ অৱগত৷ ক’ভিড ভেকচিনৰ ব্যৱস্থাটো নতুন বুলি উল্লেখ কৰি তেওঁ কয়– ‘এই ভেকচিন ষ্ট’ৰেজত ৰখাৰ বাবেও নির্ধাৰিত নিয়ম আছে৷ তেওঁলোকৰ সম্ভৱতঃ প্রশিক্ষণৰ অভাৱ আছিল৷ আমাৰ আজি বিষয়া যাব আৰু তেওঁলোকক ভালদৰে সমগ্র ব্যৱস্থাৱলীৰ বিষয়ে বুজাই দিব৷ কিন্তু কোনোবাই যদি ইচ্ছা কৰি এই কাম কৰা বুলি আমি গম পাওঁ, তেতিয়াহ’লে ব্যৱস্থা লোৱা হ’ব৷ যদি প্রশিক্ষণৰ অভাৱৰ বাবে ভেকচিন গোট মাৰি বৰফ হৈছে, তেনেহ’লে নতুনকৈ প্রশিক্ষণ কৰোৱা হ’ব৷’

You might also like