নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ বাগিচাই বাগিচাই জুৱা-মদৰ ব্যাপক প্ৰচলনঃ অভিযান মৰিয়নি আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ মৰিয়নিৰ প্ৰায় বোৰ চাহ বাগিচাতে অবৈধভাৱে চলা জুৱা, মদ আদিৰ অবাধ প্ৰচলনে সকলো সুস্থ পৰিবেশ বিনষ্ট কৰি পেলাইছে । সম্প্ৰতি প্ৰায় প্ৰতিখন চাহ বাগিচাতেই দেখা গৈছে জুৱাৰ প্ৰচলন । সপ্তাহত অন্তত এটা দিন প্ৰতিখন বাগিচাতেই অবৈধ কুকুৰা যুঁজ হোৱা দেখা যায় । ‘আখড়া’ নামেৰে স্থানীয় ভাৱে জনপ্ৰিয় এই কুকুৰা যুঁজৰ নামত চলে ব্যাপক জুৱা । কেৱল সেইয়াই নহয় – ‘আখড়া’ থলীৰ আশে পাশে দেখা যায় আন আন জুৱা । ঝাণ্ডি মুণ্ডা নামৰ জুৱা খেলৰ লগতে অবৈধ মদৰ আড্ডা অতি সহজলভ্য এনে স্থানত । আৰক্ষীৰ সৈতে গোপন বুজাবুজি কৰি এনে অবৈধ জুৱা, মদৰ আড্ডা চলে বুলি প্ৰায়েই অভিযোগ উত্থাপন হৈ আহিছে । লক্ষণীয়ভাৱে এনে অবৈধ জুৱা বহুওৱাৰ আঁ‌ৰত বাগিচা সমূহৰ একাংশ ভব্য – গব্য লোক জড়িত থকাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

চাহ জনজাতি ছাত্ৰ সন্থাই বিভিন্ন সময়ত ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছে যদিও আৰক্ষী আৰু প্ৰশাসনৰ দূৰ্বল ভুমিকাৰ বাবেই তেনে স্থান সমূহ উচ্ছেদ হোৱা নাই । অৱশ্যে আজি ইয়াৰ বিপৰীতে মৰিয়নিৰ আৰক্ষীয়ে এনে অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান চলায় । মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৰিয়নিৰ শিলিখা, চৈকটা আৰু ঢেকিয়াজুলি চাহ বাগিচাত অভিযান চলাই জুৱাৰ থলী উৎখাত কৰে । আৰক্ষীৰ দল দেখি জুৱাথলীত থকা সকলো ফৰিং ছিটিকা দিয়ে । অৱশ্যে আৰক্ষীয়ে জুৱাত ব্যৱহৃত কেতবোৰ সামগ্ৰী জুৱাথলীতে জ্বলাই দিয়ে ।তাত বিক্ৰী কৰিবলৈ অনা বিলাতী সুৰাৰ বহু সংখ্যক বটলো উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে । একাধিক স্থানত কুকুৰা যুঁজৰ নামত চলাই থকা অবৈধ জুৱা উচ্ছেদ কৰে । তাৰোপৰি একাধিক স্থানত অবৈধ চুলাইৰ ভাটীও ধ্বংস কৰে আৰক্ষীৰ দলটোৱে । লগতে অবৈধ চুলাই প্ৰস্তূত কৰোঁ‌তে ব্যৱহাৰ হোৱা সামগ্ৰীও ধ্বংস কৰে । মৰিয়নিৰ আৰক্ষীৰ এনে কাৰ্য্যৰ সকলোৱে শলাগ লৈছে ।

You might also like