নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত চেম্পিয়ন শ্রীলংকা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: দেশৰ ৰাজনৈতিক আৰু অর্থনৈতিক অস্থিৰতাৰে বিপর্যস্ত দ্বীপৰাষ্ট্রখনৰ জনসাধাৰণৰ মুখত হাঁহি বিৰিঙাই এছিয়া কাপৰ খিতাপ দখল কৰিলে শ্রীলংকাই৷ ইতিমধ্যে পাঁচবাৰ চেম্পিয়নৰ সন্মান অর্জন কৰা শ্রীলংকাৰ বাবে এইবাৰৰ খিতাপটো সদায় স্মৰণীয় হৈ থাকিব৷ কাৰণ অতি কঠিন সময়ৰ মাজেৰে আগবাঢ়িছে দেশখনৰ জনতা৷ এনে স্পর্শকাতৰ অৱস্থাৰ মাজতো নিজকে সম্পূর্ণ ৰূপে উজাৰি দি কালি এছিয়া কাপৰ চূড়ান্ত মেচখনত শক্তিশালী প্রতিদ্বন্দ্বী পাকিস্তানক ২৩ ৰানত পৰাজিত কৰে শ্রীলংকান বাহিনীয়ে৷

মেচখনত প্রথমে বেটিং কৰি শ্রীলংকাই প্রাৰম্ভিক বিপর্যয় নাশি ছয় উইকেটত ১৭০ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ কুশল মেণ্ডিছ (০) আৰু ধনঞ্জয় ডি ছিলভা (২৮)ই আগতীয়া বিদায় লোৱাৰ পাছত ভানুকা ৰাজাপক্ষই দৃঢ়তাপূর্ণ বেটিঙেৰে শ্রীলংকাক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ডানুস্কা গুনাতিলকে এক ৰানত আৰু অধিনায়ক ডাচুন চানাকাই মাত্র দুই ৰানতে উইকেট হেৰুওৱাৰ পাছত শ্রীলংকাৰ বিপদ অধিক ঘনীভূত হয়৷ দলটোৱে ৫২ ৰানতে পাঁচটা উইকেট হেৰুৱালেও ৰাজাপক্ষই ৪৫টা বলত ৭১ ৰানৰ এটা সুন্দৰ ইনিংছ উপহাৰ দিয়ে৷ তেওঁৰ ইনিংছটোত আছিল তিনিটা ছয় আৰু ছটা চাৰি৷ ৰাজাপক্ষক সুন্দৰ সহযোগিতা আগবঢ়াই ৱানিন্দু হাছাৰাংগাই ২১টা বলত সংগ্রহ কৰে ৩৬ ৰান৷ জয়লাভৰ বাবে ১৭১ ৰানৰ লক্ষ্য সন্মুখত লৈ বেটিং আৰম্ভ কৰা পাকিস্তানৰ অ’পেনাৰ মহম্মদ ৰিজৱান (৫৫) আৰু ইফটিকাৰ আহমেদ (৩২)ৰ বাহিৰে আন বেটাৰসকল ব্যর্থ হোৱাত দলটোৰ পৰাজয় নিশ্চিত হয়৷ অধিনায়ক বাবৰ আজম (৫) আজিও ব্যর্থ হয়৷ ৰিজৱানৰ বিদায়ৰ পাছতে পাকিস্তানৰ জয়ৰ আশা নির্বাপিত হয়৷ শেষ পর্যন্ত দলটোৱে ১৪৭ ৰানত আটাইকেইটা উইকেট হেৰুৱায়৷ শ্রীলংকাৰ প্রমোদ মাদুচানে চাৰিটা উইকেট দখল কৰে৷

You might also like