নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ বিঃ বিদ্যালয়ৰ এডমিটত মোদী ধোনীৰ ফটোক লৈ তীব্র প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: বিহাৰ বিশ্ববিদ্যালয়ৰ বিএ পার্ট–৩ৰ পৰীক্ষাৰ এডমিট কার্ডত প্রধানমন্ত্রী নৰেন্দ্র মোদী, তাৰকা ক্রিকেটাৰ মহেন্দ্র সিং ধোনী আৰু বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানৰ আলোকচিত্র সন্নিৱিষ্ট কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ দ্বাৰভাংগাস্থিত ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত মধুবাণী, সমষ্টিপুৰ আৰু বেগু চৰাইৰ কলেজত এই ঘটনা সংঘটিত হোৱাক লৈ প্রতিক্রিয়াৰ পাছত তদন্তৰ নির্দেশ দিয়া হৈছে৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মুস্তাক আহমেদে কলেজকেইখনে এনে কাণ্ড কৰাক লৈ হতভম্ব হৈ এজাহাৰ ৰুজু কৰি কলেজকেইখনক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ কলেজকেইখনে অনলাইনত সন্নিৱিষ্ট কৰা এডমিট কার্ডত ফটোকেইখন সংলগ্ণ কৰাটো প্রত্যক্ষ হোৱাৰ পাছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷

You might also like