নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰ বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ বর্ণিল উদ্বোধনী অনুষ্ঠানত ছাকিৰাৰ পৰা ভাৰতীয় তাৰকা ন’ৰা ফতেহীলৈ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ:  মধ্যপ্রাচ্যত প্রথমবাৰৰ বাবে আয়োজন কৰা হৈছে ফুটবল বিশ্বকাপ৷ অহা ২০ নৱেম্বৰৰ পৰা প্রতিযোগিতাখন আৰম্ভ হ’ব৷ তদুপৰি প্রথমবাৰৰ বাবে কাটাৰত অনুষ্ঠিত হ’ব লগা এই বিশ্বকাপত অলিম্পিকৰ আর্হিত অনুষ্ঠিত হ’ব উদ্বোধনী আৰু সামৰণী অনুষ্ঠান৷ এই অনুষ্ঠানত ক্রিয়েটিভ ডাইৰেক্টৰৰ দায়িত্বত আছে অলিম্পিকৰ আৰম্ভণি আৰু সামৰণী অনুষ্ঠানৰ সৈতে জড়িত হৈ অহা মার্কো বেলিছ৷ কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রথমখন মেচৰ পূর্বে আয়োজিত আধাঘণ্টাৰ উদ্বোধনী অনুষ্ঠানৰ বাবে এবছৰ ধৰি কাম কৰি আছে বেলিছে৷ বিশ্বকাপৰ উদ্বোধনী মেচ আৰু উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হৈছে আল বায়েট ষ্টেডিয়ামত৷ ডোহাৰ কেন্দ্রবিন্দুৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ আল খোৰেত অৱস্থিত এই ষ্টেডিয়াম৷ ৬০ হাজাৰ দর্শকৰ আসনবিশিষ্ট এই ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি ৭.৩০ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ’ব৷ দক্ষিণ কোৰিয়াৰ বিখ্যাত বেণ্ড বিটিএছৰ জানকুকে অনুষ্ঠান পৰিৱেশন কৰিব৷ তদুপৰি কলম্বিয়াৰ গায়িকা ছাকিৰা, ব্লেক আয়েড পিছ, ৰবি উইলিয়ামছ আৰু ভাৰতৰ ন’ৰা ফতেহীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা৷ আয়োজকসকলৰ পৰা বৃহৎ অর্থৰ প্রস্তাৱেৰে আমন্ত্রণ জনোৱা হৈছিল গায়ক ৰড ষ্টুৱার্টক৷ কিন্তু দেশখন কাটাৰ হোৱাৰ বাবে সেই প্রস্তাৱ প্রত্যাখ্যান কৰিছে শিল্পীগৰাকীয়ে৷ তদুপৰি ফিফাৰ ফেন ফেষ্টিভেল হ’ব ডোহাৰ আল বিড্ডা পার্কত৷ অৱশ্যে উদ্বোধনী অনুষ্ঠানত কোনে প্রদর্শন কৰিব সেই তালিকা এতিয়াও ফিফাৰ ফালৰ পৰা প্রকাশ কৰা হোৱা নাই৷

You might also like