নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত ৯৬ লাখটকীয়া শ্মশান নির্মাণত দুর্নীতি

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: চন্দ্রপুৰত এখন অত্যাধুনিক ৰাজহুৱা শ্মশান নির্মাণৰ ক্ষেত্রত ভয়াৱহ দুর্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ মতে, ডব্লিউপিটিবিচি আঁচনিৰ অধীনত প্রায় ৯৬ লাখ টকা ব্যয়েৰে চন্দ্রপুৰৰ জনজাতীয় লোকৰ বসতিপ্রধান ঠাকুৰকুছি গাঁৱত যোৱা ২০২১ বর্ষতে এখন অত্যাধুনিক ৰাজহুৱা শ্মশান নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল৷ বিভাগীয় ঠিকাদাৰ গৌতম কলিতাই ঠাকুৰকুছি গাঁৱৰ প্রায় তিনি বিঘা ভূমি সামৰি ৰাজহুৱা শ্মশানখন নির্মাণ কৰিছিল৷ শ্মশানখনত থকা তিনিখন চিতাত যি ৰ’ড স্থাপন কৰিছে সেয়া অতি নিম্নমানৰ৷ যাৰ বাবে এজন লোকক সৎকাৰ কৰিবলৈ লগা প্রায় তিনি ঘণ্টা সময়ত চিতাৰ ৰ’ডবোৰ জ্বলি নষ্ট হৈ যাব৷ ৰাইজৰ মতে, চিতাত সাধাৰণতে ৰে’লৰ লো ব্যৱহাৰ কৰা হয় যদিও ঠিকাদাৰজনে নিজৰ মুনাফাৰ বাবে বজাৰৰ পৰা কম মূল্যত নিম্নমানৰ ৰ’ড ক্রয় কৰি স্থাপন কৰিছে৷ আনহাতে শ্মশালনলৈ যাতায়াত কৰাৰ বাবে যি পথ নির্মাণ কৰা হৈছে, এই পথৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ উঠিছে৷ কিয়নো নির্মাণৰ কাম সম্পূর্ণ নৌহওঁতেই পথটোৰ ঠায়ে ঠায়ে ফাঁট মেলাৰ লগতে ব্লকসমূহ দাবী গৈছে৷ তদুপৰি শ্মশানলৈ অহা লোকসকলৰ জিৰণি লোৱাৰ বাবে যিটো গৃহ নির্মাণ কৰা হৈছে সেইটো অতি নিম্নমানৰ হোৱাৰ অভিযোগ উঠিছে৷ ইপিনে, আজিলৈ শ্মশানত পানীৰ সু–ব্যৱস্থা হৈ উঠা নাই৷ ৰাইজে জনোৱা মতে, শ্মশানখনৰ পাহাৰ অঞ্চলৰ পিনে প্রায় ১২ ফুট ওখকৈ এখন দেৱাল নির্মাণ কৰাৰ কথা আছিল যদিও আজিপর্যন্ত দেৱালখন নির্মাণৰ কাম আৰম্ভ কৰা হোৱা নাই৷ সেয়েহে শ্মশানখন নির্মাণৰ ক্ষেত্রত ব্যাপক অনিয়মৰ লগতে দুর্নীতি হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷

You might also like