নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুম্বলেক অতিক্রম অশ্বিনৰ

নিয়মীয়া বাৰ্তা, ১১ মার্চ: অনিল কুম্বলেৰ অভিলেখ ভংগ কৰিলে ৰবিচন্দ্রন অশ্বিনে৷ ব’ডাৰ–গাভাস্কাৰ শৃংখলাত আটাইতকৈ বেছি উইকেট দখলৰ অভিলেখৰ গৰাকী আছিল কুম্বলে৷ আজি তেওঁক অতিক্রম কৰি ভাৰতীয়সকলৰ ভিতৰত শীর্ষস্থান দখল কৰে অশ্বিনে৷ দুয়োখন দেশ মিলাই তেওঁ যুটীয়াভাৱে শীর্ষস্থানত আছে৷ আহমেদাবাদত চলি থকা চতুর্থ টেষ্টত অষ্ট্রেলিয়াৰ প্রথম ইনিংছত ছটা উইকেট দখল কৰে অশ্বিনে৷ আজি এই প্রদর্শনৰ জৰিয়তে ভাৰত–ষ্ট্রেলিয়া টেষ্ট শৃংখলাত অশ্বিনৰ মুঠ উইকেটৰ সংখ্যা হ’লগৈ ১১৩টা৷ কুম্বলেৰ উইকেটৰ সংখ্যা আছিল ১১১টা৷ আজি সেই অভিলেখ ভংগ কৰে অভিজ্ঞ অফস্পীনাৰগৰাকীয়ে৷ ভাৰতীয় বলাৰসকলৰ ভিতৰত ভাৰত–ষ্ট্রেলিয়াৰ টেষ্ট শৃংখলাত তেৱেঁই এতিয়া সর্বাধিক উইকেটৰ গৰাকী৷ আনহাতে আজি অশ্বিনে টেষ্ট ক্রিকেটত ঘৰৰ মাটিত ৩২ বাৰ পাঁচটা উইকেট দখলৰ কৃতিত্ব অর্জন কৰে৷ এইক্ষেত্রত ৪৫ বাৰ পাঁচটা উইকেট দখল কৰি শীর্ষস্থানত আছে শ্রীলংকাৰ স্পীনাৰ মুথায়া মুৰলীধৰণ৷

You might also like