নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামলৈ পৰিণত হ’ল ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়াম!

  • ডিব্ৰুগড়ৰ ক্ৰীড়াপ্ৰেমী তথা খেলুৱৈৰ বাবে অতিকৈ সুখবৰ!
  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা-সুবিধাৰে উন্নত মানৰ ষ্টেডিয়ামলৈ পৰিণত হ’ল ডিব্ৰুগড়ৰ জালান আউতদ’ৰ ষ্টেডিয়াম!
  • ১৩ মাৰ্চৰ পৰা আগশাৰীৰ ক্ৰিকেট লীগ JKM ট্ৰফীৰ ছেমি ফাইনেল আৰু ফাইনেল খেল হ’ব অনুষ্ঠিত

নিয়মীয়া বাৰ্তা, ১১ মার্চ: ডিব্ৰুগড়ৰ ক্ৰীড়াপ্ৰেমী তথা খেলুৱৈৰ বাবে অতিকৈ সুখবৰ।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা সুবিধাৰে উন্নত মানৰ ষ্টেডিয়ামলৈ পৰিণত হল ডিব্ৰুগড়ৰ জালান আউতদ’ৰ ষ্টেডিয়াম।অসমৰ ক্ৰীড়া ক্ষেত্ৰত অন্যতম অবদান আগবঢ়াই অহা ডিব্ৰুগড়ৰ আউতদ’ৰ ষ্টেডিয়ামে পাইছে এতিয়া এক অত্যাধুনিক ৰূপ।দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই এতিয়া কেৱল দিনতেই নহয় আন্তঃৰাষ্ট্ৰীয় খেলপথাৰৰ দৰে এতিয়া নিশাৰ ভাগতো খেলিব পাৰিব জালান আউতদ’ৰ ষ্টেডিয়ামত।উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী মহানগৰীৰ পাছতে ডিব্ৰুগড়ৰ ষ্টেডিয়ামত নতুনকৈ সংযোজন হোৱা অত্যাধুনিক ফ্লাড লাইটে সমগ্ৰ পৰিৱেশটোৱেই এতিয়া জীপাল কৰি তুলিছে।জালান আউতদ’ৰ ষ্টেডিয়ামৰ চাৰিওফালে চাৰিটা খুটাত অতি অত্যাধুনিক ১৪৪টা ফ্লাড লাইটেৰে কৰা হৈছে পোহৰৰ ব্যৱস্থা।যিকোনো আন্তঃৰাষ্ট্ৰীয় মানৰ খেলপথাৰৰ দৰে এতিয়া নিশাৰ ভাগত খেলিব পৰা ব্যৱস্থা হৈ উঠিল ষ্টেডিয়ামখনত।তদুপৰি বাৰিষাৰ দিনত খেলিব পৰাকৈ নিৰ্মাণ কৰি থকা হৈছে ইন্দৰ ক্ৰিকেট পিটচ।বৰষুণৰ মাজতো খেলুৱৈ সকলে বেটিং/বলিঙৰ অনুশীলন কৰিব পৰাকৈ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৫০লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে ইন্ডৰ ক্ৰিকেট পিটচ।

ষ্টেডিয়ামখনত দৰ্শকৰ সুবিধাৰ বাবে ৭০মিটাৰৰ নতুন গেলেৰীৰ নিৰ্মাণৰ কামো প্ৰায় শেষ হৈছে।তদুপৰি প্ৰায় ১৭০জন খেলুৱৈ থাকিব পৰাকৈ অত্যাধুনিক হোষ্টেল ইতিমধ্যেই নিৰ্মান সম্পূৰ্ণ হৈ উঠিছে।শেষতীয়াকৈ কোচবিহাৰ ট্ৰফি অনুষ্ঠিত হৈ যোৱা আৰু প্ৰতিবছৰে ৰঞ্জি ট্ৰফীৰ খেল অনুষ্ঠিত হোৱা এই খেলপথাৰৰ পিটচ নিৰ্মাণ কৰা হৈছিল ৭ লাখ টকা ব্যয়েৰে।জানিব পৰা মতে বৰ্তমান প্ৰতিবছৰে ১.৫০লাখ টকাৰ ব্যয়ৰে পিটচৰ ওপৰিভাগ মেৰামতি কৰা হয়।ইফালে ষ্টেডিয়ামৰ ভিতৰতে আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং ৰিঙ।বক্সিং প্ৰশিক্ষক ইমদাদ হুছেইনৰ নেতৃত্বত বহু বক্সাৰে এই বক্সিং ৰিঙৰ পৰাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিছে।

আনহাতে নতুনকৈ সংযোজন হোৱা ফ্লাড লাইটৰ তলত অহা ১৩ মাৰ্চৰ পৰা অসমৰ অন্যতম আগশাৰীৰ ক্ৰিকেট লীগ JKM ট্ৰফীৰ ছেমি ফাইনেল আৰু ফাইনেল খেল অনুষ্ঠিত হ’ব।নতুনকৈ সংযোজিত অত্যাধুনিক ফ্লাড লাইট; খেলৰ ক্ষেত্ৰত কিমান কায্যৰ্ক্ষম তাকে অনানুষ্ঠানিক ভাবে পৰীক্ষা কৰা হব।JKM ট্ৰফীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলোবোৰ আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে।য’ত দৰ্শকে উপভোগ কৰিব পাৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ প্ৰতিভাৱান ৰঞ্জি খেলুৱৈ সকলৰ প্ৰতিভা।গতিকে সকলোকে এই খেল উপভোগ কৰিবলৈ ক্ৰিকেট ক্লাব অব ডিব্ৰুগড়ৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই আহবান জনাইছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like