নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱৰাজ সিঙৰ টিপ্ছে অষ্ট্রেলিয়াত সহায় কৰিছিল শুভমন গিলক

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট শৃংখলাত সাহসী বেটিঙেৰে ক্রিকেটপ্রেমীৰ মন জয় কৰা পঞ্জাবৰ উদীয়মান তাৰকা শুভমন গিলে তেওঁৰ এই সাফল্যৰ বাবে যুৱৰাজ সিঙক ধন্যবাদ জনাইছে৷ আই পি এলৰ পূর্বে যুৱৰাজৰ সৈতে হোৱা এক প্রস্তুতি শিবিৰে তেওঁক যথেষ্ট সহায় কৰা বুলি ২১ বছৰীয়া অ’পেনাৰগৰাকীয়ে উল্লেখ কৰে৷

‘আই পি এলৰ পূর্বে মই যুৱৰাজৰ সৈতে এক শিবিৰত অংশ লৈছিলোঁ৷ এই শিবিৰত তেওঁ মোক বাউন্সাৰৰ সন্মুখীন হোৱাৰ বিভিন্ন কৌশল শিকাইছিল৷ বিভিন্ন দিশৰ পৰা যুৱৰাজে মোৰ শৰীৰলৈ শতাধিক ছর্ট পিটচ বল নিক্ষেপ কৰিছিল আৰু মই ইয়াৰ মোকাবিলা কৰিছিলোঁ৷ ইয়াৰ ফলত অষ্ট্রেলিয়াত মই মিচেল ষ্টার্কৰ দৰে আগশাৰীৰ বেগী বলাৰৰ বাউন্সাৰক দক্ষতাৰে খেলিব পাৰিছিলোঁ৷’ গিলে এইদৰে কয়৷

ইফালে, ব্রিছবেন টেষ্টৰ অন্তিম দিনা ৯১ ৰানৰ আকর্ষণীয় ইনিংছেৰে ভাৰতৰ স্মৰণীয় জয়ৰ ভেটি গঢ়া উদীয়মান তাৰকাগৰাকীয়ে কয় যে এইবাৰ তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে৷ জেমছ এণ্ডাৰছন, ষ্টুৱার্ট ব্রড, জ’ফ্রা আর্চাৰৰ দৰে দুর্ধর্ষ বেগী বলাৰৰ সন্মুখীন হোৱাটো প্রত্যাহ্বানজনক হ’ব বুলি গিলে উল্লেখ কৰে৷

You might also like