নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটৰ পৰা অৱসৰ উপুল থাৰংগাৰ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ ল’লে শ্রীলংকাৰ তাৰকা বেটছমেন উপুল থাৰংগাই৷ ২০০৫ চনৰ ডিচেম্বৰত আহমেদাবাদত ভাৰতৰ বিপক্ষে খেলি টেষ্ট ক্রিকেটত অভিষেক ঘটোৱা থাৰংগাই  অৱসৰৰ কথা ঘোষণা কৰি কয় যে ১৫ বছৰীয়া আন্তর্জাতিক ক্রিকেটক বিদায় দিয়াৰ এয়াই উপযুক্ত সময়৷ ২০১৯ চনত ভাৰতৰ বিপক্ষে পাল্লিকেলত অন্তিমখন টেষ্ট খেলা থাৰংগাই শ্রীলংকাক ৩১খন টেষ্টত, ২৩৫খন এদিনীয়া আৰু ২৬খন টি–২০ত প্রতিনিধিত্ব কৰিছিল৷

You might also like