নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’টেৰাৰ অত্যাধুনিক ৰূপ দেখি অভিভূত জ’ ৰুট

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আহমেদাবাদত নতুন ৰূপত নির্মাণ কৰি উলিওৱা বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়ামৰ অত্যাধুনিক ৰূপ দেখি অভিভূত হৈ পৰিছে ইংলেণ্ডৰ অধিনায়ক জ’ ৰুট৷ গুজৰাট ক্রিকেট সন্থাই ঐতিহাসিক ম’টেৰা ষ্টেডিয়ামক মেৰামতি কৰি নতুন আৰু আধুনিক ৰূপত নির্মাণ কৰি উলিওৱা ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি আৰু সা–সুবিধাক বিস্ময়কৰ আখ্যা দি ইংলেণ্ডৰ তাৰকাগৰাকীয়ে আজি কয় যে এই ষ্টেডিয়ামে অনাগত দিনত ক্রিকেট বিশ্বক সুকীয়া মর্যাদা প্রদান কৰিব৷ ‘এয়া এখন অভূতপূর্ব ষ্টেডিয়াম৷

ইয়াৰ পূর্বে মই এইধৰণৰ আন্তঃগাঁথনি আৰু সা–সুবিধা থকা ক্রিকেট ষ্টেডিয়াম বিশ্বৰ কোনো প্রান্ততে দেখিবলৈ পোৱা নাই৷ মই নিশ্চিত যে আগন্তুক দিনত বিশ্বৰ ক্রিকেটপ্রেমীয়ে ম’টেৰা ষ্টেডিয়ামত উৎকৃষ্টমানৰ ক্রিকেট উপভোগ কৰিব পাৰিব৷ এই ষ্টেডিয়ামৰ প্রথমখন আন্তঃৰাষ্ট্রীয় মেচত অংশ ল’বলৈ পাই নিজকে ধন্য মানিছোঁ৷’ জ’ ৰুটে এইদৰে কয়৷ উল্লেখ্য যে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া দিবা–নৈশ টেষ্টৰ বাবে আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়ামত অনুশীলনৰ বাবে উপস্থিত হোৱাৰ পিছতে টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলি, হার্দিক পাণ্ডিয়া আৰু ঋষভ পণ্টে বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়ামখনৰ আধুনিক ৰূপ দেখি অভিভূত হৈ পৰা বুলি ছ’চিয়েল মিডিয়াত প্রকাশ কৰিছিল৷

You might also like