নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্ছী নিলামঃ ক’ৰোনাৰ বিৰুদ্ধে যুঁজলৈ সহায়ৰ হাত ডিয়েগো মাৰাডোনাৰ

নিয়মীয়া বাৰ্তা, ১০ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজলৈ সহায়ৰ হাত আগবঢ়াইছে বিশ্ব ফুটবলৰ একালৰ মহান খেলুৱৈ ডিয়েগো মাৰাডোনাই ৷ ১৯৮৬ৰ বিশ্বকাপত আর্জেণ্টিনাৰ হৈ খিতাপ জয় কৰাৰ সময়ত পৰিধান কৰা জাতীয় দলৰ জার্ছীটো নিলাম কৰি প্রাক্তন ফুটবলাৰগৰাকীয়ে ক’ৰোনা ভাইৰাছত প্রভাৱিত বুয়েনাছ আয়ার্ছৰ অভাৱগ্রস্ত লোকসকলক সহায় কৰে৷ মাৰাডোনাৰ স্বাক্ষৰসম্বলিত জার্ছীটো নিলামৰ জৰিয়তে সংগৃহীত ধনৰাশি বুয়েনাছ আয়ার্ছৰ অভাৱগ্রস্ত লোকসকলৰ মাজত খাদ্য সামগ্রী, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণত ব্যৱহাৰ কৰা হয়৷ মাৰাডোনাৰ দৰে এগৰাকী মহান খেলুৱৈৰ পৰা সাহায্য লাভ কৰি ধন্য হোৱা বুলি বুয়েনাছ আয়ার্ছৰ এটি স্বেচ্ছাসেৱী সংগঠনে সদৰী কৰিছে৷ উল্লেখ্য যে এই স্বেচ্ছাসেৱী সংগঠনটোৰ মাধ্যমেৰে আর্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী প্রাক্তন কিংবদন্তিগৰাকীয়ে ১৯৮৬ৰ বিশ্বকাপত পৰিধান কৰা জার্ছীটো নিলাম কৰে৷ মহামাৰীৰ প্রাদুর্ভাৱৰ ফলত আর্জেণ্টিনাত সম্প্রতি ভয়াৱহ আর্থিক সংকটৰ সৃষ্টি হৈছে ৷

You might also like