নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দঃ কোৰিয়াত পুনৰ আৰম্ভ হ’ল ফুটবল

দুমাহৰ স্থবিৰতাৰ অন্তত টাইৱানে মুকলি কৰিলে বেছবল

নিয়মীয়া বাৰ্তা, ১০ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে প্রায় দুমাহ স্থবিৰ হৈ থকাৰ পিছত বিশ্বৰ ক্রীড়া ক্ষেত্রখন পুনৰ মুকলি হোৱাৰ দিশে অগ্রসৰ হৈছে৷ ভাইৰাছৰ অভিকেন্দ্র চীনৰ চাংহাই চহৰত এসপ্তাহ পূর্বে চাংহাই এফ চিয়ে চাইনীছ ছুপাৰ লীগৰ বাবে অনুশীলন আৰম্ভ কৰাৰ পিছত শুকুৰবাৰৰ পৰা দক্ষিণ কোৰিয়া আৰু টাইৱানে ক্রমে ফুটবল আৰু বেছবল লীগ পুনৰ মুকলি কৰিছে৷ ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে দুমাহ স্থগিত হৈ থকাৰ পিছত আজি দর্শকশূন্য ষ্টেডিয়ামত দক্ষিণ কোৰিয়াৰ জনপ্রিয় কে–লীগ ২০২০ আৰম্ভ হৈছে৷ ঝোৱানজু ৱর্ল্ড কাপ ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল মেচখনত দলীয় কর্মকর্তা, প্রশিক্ষক আৰু ছাবষ্টিটিউট খেলুৱৈসকলে মাস্ক পৰিধান কৰি থকা দেখা যায়৷ এছিয়া আৰু ইউৰোপৰ প্রায় দহখন দেশৰ ব্রডকাষ্টাৰে মেচখন টুইটাৰ আৰু ইউ টিউবত পোনপটীয়াকৈ সম্প্রচাৰ কৰে৷ উল্লেখ্য যে কে–লীগ হ’ল এছিয়াৰ সবাতোকৈ পুৰণি প্রফেছনেল লীগ৷ ইফালে, সীমিতসংখ্যক দর্শকৰ উপস্থিতিৰে টাইৱানত কালি নিশা আৰম্ভ হয় বেছবল প্রতিযোগিতা৷ নিউ টাইপেত অনুষ্ঠিত মেচখনত ১০০০ দর্শকক ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিয়া হৈছিল৷ তেওঁলোকৰ মাজত সামাজিক দূৰত্ব বর্তাই ৰখাৰ বিশেষ ব্যৱস্থাও কৰা হৈছিল৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছে টাইৱানত বিশেষ প্রভাৱ পেলাব পৰা নাই৷

You might also like