নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপৰ পৰা বাহিৰ বুমৰাহ

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ আসন্ন টি–২০ বিশ্বকাপত খেলিব নোৱাৰিব যশপ্রীত বুমৰাহে৷ কেৱল বিশ্বকাপেই নহয়, পৰৱর্তী প্রায় ছমাহ কাল তেওঁ ক্রিকেটলৈ প্রত্যাৱর্তন ঘটোৱাৰ সম্ভাৱনা নাই৷ ভাৰতীয় ক্রিকেট ব’ডৰ সূত্রই সদৰী কৰা অনুসৰি তেওঁৰ পিঠিৰ আঘাত ইমানেই গুৰুতৰ যে কেইবামাহ ধৰি খেলিব নোৱাৰিব পেচ বলাৰগৰাকীয়ে৷ বিশ্বকাপৰ পাছত এই বছৰৰ শেষত আৰু অহা বছৰৰ আৰম্ভণিতে কেইবাটাও গুৰুত্বপূর্ণ শৃংখলাত অংশগ্রহণ কৰিব ভাৰতে৷ এই আটাইবোৰ খেলত বুমৰাহৰ অনুপস্থিতি ভাৰতীয় দলৰ বাবে মোক্ষম আঘাত ৰূপে পৰিগণিত হৈছে৷ ৰবীন্দ্র জাদেজাৰ পাছত টি–২০ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হ’ল বুমৰাহ৷ মাত্র কেইদিনমানৰ ব্যৱধানতে দলৰ শ্রেষ্ঠ দুই ক্রিকেটাৰক হেৰুওৱাটো নিঃসন্দেহে ভাৰতৰ বাবে সমস্যাৰ কাৰণ হ’ব পাৰে৷

You might also like