নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজি অনুশীলন কৰিব ভাৰত–দঃ আফ্রিকা ক্রিকেট দলে

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ তিৰুৱনন্তপুৰমৰ গ্রীন পার্কত অনুষ্ঠিত শৃংখলাৰ প্রথমখন টি–২০ মেচত দক্ষিণ আফ্রিকাক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত অগ্রগতি লাভ কৰিছে টীম ইণ্ডিয়াই৷ দ্বিতীয়খন মেচ অহা ২ অক্টোবৰত বর্ষাপাৰাৰ এ চি এ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব৷ এই মেচখনত জয়লাভ কৰিব পাৰিলেই তিনিখনীয়া মেচৰ শৃংখলাটো ভাৰতে দখল কৰিবলৈ সক্ষম হ’ব৷

এই মেচখনৰ বাবে বৃহস্পতিবাৰে বিয়লি ৪.৪৫ বজাত এক বিশেষ বিমানযোগে দুয়োটা দলৰ খেলুৱৈসকলৰ লগতে মেচ অ’ফিচিয়েলসকল লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠত উপস্থিত হয়৷ বিমানকোঠৰ পৰা খেলুৱৈসকলক অসম ক্রিকেট সন্থাৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়৷ খেলুৱৈ আৰু দলৰ অন্য কর্মকর্তাসকলক কঠোৰ নিৰাপত্তাৰ মাজেদি ৰেডিছন ব্লু হোটেললৈ অনা হয়৷

আজি দুয়োটা দলে পৃথকে পৃথকে বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নেট অনুশীলন কৰিব৷ অৱশ্যে অনুশীলনৰ সময়ত অন্য লোকৰ লগতে মিডিয়াৰ লোককো প্রৱেশ কৰিবলৈ দিয়া নহ’ব বুলি এ চি এৰ তৰফৰ পৰা জনাইছে৷

উল্লেখ্য যে প্রথমখন মেচত দুর্দান্ত প্রদর্শনেৰে ভাৰতীয় বলাৰসকলে মাত্র ৯ ৰানতে দক্ষিণ আফ্রিকাৰ পাঁচগৰাকী বেটাৰক বিদায় দিছিল৷ দ্বিতীয়খন মেচতো বলাৰসকলে অনুৰূপ প্রদর্শন দাঙি ধৰিব বুলি আশা কৰিছে অধিনায়ক ৰোহিত শর্মাই৷ তদুপৰি আঘাতৰ বাবে দলৰ পৰা বাদ পৰা যশপ্রীত বুমৰাহৰ অনুপস্থিতিৰ প্রভাৱ প্রথমখন মেচত পৰিলক্ষিত হোৱা নাই বুলি তেওঁ কয়৷

You might also like