নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুর্কীৰ পৰা উভতিলঃ ১৪ দিন নিঃসংগ হৈ থাকিব নীৰজ চোপ্রা

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ তুর্কীত অনুশীলন সামৰি শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হোৱা তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাক অনাগত ১৪ দিন নিঃসংগভাৱে থকাৰ নির্দেশ দিছে ভাৰতীয় ক্রীড়া প্রাধিকৰণে ৷ ট’কিঅ অলিম্পিকলৈ ইতিমধ্যে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হোৱা ২২ বছৰীয়া প্রতিভাৱান খেলুৱৈগৰাকীয়ে ছাইৰ নির্দেশ অনুসৰি এনআইএছৰ হোষ্টেল ৰুমত আছুতীয়াকৈ ১৪ দিন কটাব ৷ এই সময়ছোৱাত তেওঁৰ বাবে পৃথক প্রশিক্ষণ আৰু জিমৰ সুবিধা আগবঢ়োৱা হ’ব বুলি পাটিয়ালাস্থিত এনআইএছৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে ৷ ইফালে, নীৰজ চোপ্রাৰ সৈতে একেলগে দেশলৈ ওভতা শিৱপাল সিং আৰু বিপিন কাছানাকো ১৪ দিন নিঃসংগ হৈ থকাৰ নির্দেশ দিয়া হৈছে ৷ অৱশ্যে তেওঁলোকে এনআইএছৰ হোষ্টেলৰ পৰিৱর্তে নিজ নিজ গৃহত আছুতীয়াকৈ থকাৰ ইচ্ছা প্রকাশ কৰিছে ৷ মন কৰিবলগীয়া যে যোৱা জানুৱাৰীত দক্ষিণ আফ্রিকাত অনুষ্ঠিত এখন প্রতিযোগিতাত ৮৭.৮৬ মিটাৰ দলিয়াই নীৰজ চোপ্রাই অলিম্পিকলৈ যোগ্যতা অর্জন কৰে ৷

You might also like