নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিমানবন্দৰত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিছে হকী প্রশিক্ষক হৰেন্দ্র সিঙে

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সাহসী যোদ্ধাৰ দৰে যুঁজ দিছে এগৰাকী হকী প্রশিক্ষকে ৷ বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা ক’ৰোনাৰ পৰা সাধাৰণ নাগৰিকক আঁতৰাই ৰাখিবলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ টার্মিনেল–৩ ত দিনে–নিশাই ব্যস্ত হৈ আছে ভাৰতীয় হকী দলৰ প্রশিক্ষকগৰাকী ৷ ২০১৮ৰ হকী বিশ্বকাপত ভাৰতীয় পুৰুষ দলৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰা এই সাহসী যোদ্ধাগৰাকী হ’ল হৰেন্দ্র সিং ৷ এয়াৰ ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ হিচাপে বিগত প্রায় এসপ্তাহ ধৰি তেওঁ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ টার্মিনেল–৩ত যাত্রীসকলৰ শাৰীৰিক পৰীক্ষা সম্পন্ন কৰা কার্যত জড়িত হৈ আছে ৷ ভাৰতীয় হকী দলৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰাৰ ক্ষেত্রত বিশেষভাৱে দক্ষ হিচাপে পৰিচিত হৰেন্দ্র সিঙে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত একেৰাহে ৭২ ঘণ্টা কর্তব্য পালন কৰি মানৱ সেৱাৰ বিৰল নিদর্শন দাঙি ধৰিছে ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত তেওঁ কয় যে বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা দেশক ৰক্ষা কৰিবলৈ তেওঁ সংকল্পবদ্ধ আৰু কঠোৰ পৰিশ্রম কৰি হ’লেও কর্তব্য পালন কৰি যাব ৷ এজনো ক’ৰোনা আক্রান্ত ৰোগীক ভাৰতত প্রৱেশ কৰিবলৈ নিদিয়ে বুলিও তেওঁ দৃঢ়তা প্রকাশ কৰে ৷ ‘এই গোলকীয় বিপর্যয়ৰ সময়ত আমি ইজনে–সিজনক সহায় কৰা উচিত ৷ দেশক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ আমি কর্তব্যনিষ্ঠাৰে কাম কৰিব লাগিব৷ এয়া মোৰ কেৰিয়াৰৰ অন্যতম প্রত্যাহ্বানজনক কর্তব্য ৷’– প্রশিক্ষক হৰেন্দ্র সিঙে এইদৰে কয় ৷

You might also like