নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ‘দ্য কপিল শৰ্মা শ্ব’’: কমেডিয়ানগৰাকীয়ে অনুৰাগীসকলক নিজেই দিলে সুখবৰ

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: অৱশেষত অপেক্ষাৰ অন্ত। সৰু পৰ্দালৈ ঘূৰি আহিছে জনপ্ৰিয় কমেডী শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’। দেওবাৰে ছ’চিয়েল মিডিয়াত কপিল শৰ্মাই নিজৰ অনুৰাগীসকলক এই ভাল খবৰটো দিছিল। অৱশ্যে নতুন ছিজন কেতিয়া আৰম্ভ হ’ব সেই বিষয়ে কপিলে একো লিখা নাই। অৱশ্যে বিভিন্ন মনোৰঞ্জন ৱেবচাইটে দাবী কৰিছে যে ছেপ্টেম্বৰৰ পৰা এই জনপ্ৰিয় অনুষ্ঠানটোৰ চতুৰ্থ ছিজন আৰম্ভ হৈছে। অতিথি বিচাৰক হিচাপে থাকিব অৰ্চনাপুৰণ সিং। অৱশ্যে এই অনুষ্ঠান সন্দৰ্ভত এতিয়ালৈকে চেনেলটোৱে কোনো ধৰণৰ ঘোষণা কৰা নাই।

কপিল শৰ্মাই নিজৰ টুইটাৰ হেণ্ডেলত এখন ছবি পোষ্ট কৰে। তাৰ লগতে তেওঁ লিখিছে, ‘নিউ ছিজন, নিউ লুক’। তাৰ লগতে ‘কামিং ছুন’ হেচটেগ হিচাপে লিখা হৈছে। বহুতে কপিলৰ নতুন ৰূপক প্ৰশংসা কৰিছে। ইয়াৰ উপৰিও বহুতে শ্ব’টোৰ আৰম্ভণিৰ তাৰিখ জানিব বিচাৰে। মুঠতে ঘোষণা কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে এই পোষ্টটো ভাইৰেল হৈ পৰিছে।

You might also like