নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত ৰঞ্জি ট্রফীৰ নক আউট মেচ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ ৰঞ্জি ট্রফীৰ নক আউট পর্যায়ৰ সূচী নির্ধাৰণ কৰিছে ভাৰতীয় ক্রিকেট ব’র্ডে৷ সেই অনুসৰি ৪ জুনৰ পৰা বাংগালুৰুত প্রতিযোগিতাৰ মেচসমূহ অনুষ্ঠিত হ’ব৷ ৪ জুনৰ পৰা বাংগালুৰুতে চাৰিখন কোৱার্টাৰ ফাইনেল আয়োজন কৰা হৈছে৷ তদুপৰি প্রতিযোগিতাৰ ছেমিফাইনেল আৰু ফাইনেলো এইখন চহৰতে অনুষ্ঠিত হ’ব৷ কোৱার্টাৰ ফাইনেলত ঝাৰখণ্ডৰ বিৰুদ্ধে বংগ, মুম্বাইৰ বিৰুদ্ধে উত্তৰাখণ্ড, কর্ণাটকৰ বিৰুদ্ধে উত্তৰ প্রদেশ আৰু পঞ্জাবৰ বিৰুদ্ধে মুখামুখি হ’ব মধ্যপ্রদেশ৷ ১২ জুনৰ পৰা ১৬ জুনলৈ দুখন ছেমিফাইনেল আৰু ২০ জুনৰ পৰা ২৪ জুনলৈ ফাইনেল মেচখন অনুষ্ঠিত হ’ব৷ আটাইকেইটা দল ১ জুনত বাংগালুৰুত উপস্থিত হ’ব৷ ইয়াৰ ৪৮ ঘণ্টা পূর্বে প্রতিগৰাকী খেলুৱৈক ক’ভিডৰ আৰ টি পি চি আৰ পৰীক্ষা কৰোৱা হ’ব৷ ফলাফল নিগেটিভ হ’লেহে ক্রিকেটাৰসকল বাংগালুৰুলৈ যাব পাৰিব৷ বাধ্যতামূলক কোৱাৰেণ্টাইন নাথাকিলেও দলসমূহ জৈৱ দুর্গত থাকিব লাগিব৷ পৰৱর্তী দুদিন অর্থাৎ ২ আৰু ৩ জুনত দলকেইটাই অনুশীলনৰ সুযোগ পাব৷

You might also like