নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুৰক্ষিত যৌনতাই হ’ল কালঃ ক’ভিড লকডাউনত ভাৰতত ৮৫ সহস্রাধিক এইডছত আক্রান্ত

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰী প্রতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ সময়তে মাৰণ ভাইৰাছ এইচ আই ভিত দেশত সংক্রমিত হৈছে ৮৫ হাজাৰতকৈ অধিক লোক৷ অসুৰক্ষিত যৌনতাৰ ফলত এই লোকসকল লকডাউনৰ সময়ত এইচ আই ভিৰ দ্বাৰা সংক্রমিত হোৱা বুলি ৰাষ্ট্রীয় এইডছ নিয়ন্ত্রণ সংস্থা (এনএচি’)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ এইক্ষেত্রত মহাৰাষ্ট্র শীর্ষস্থানত থকা বুলিও সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷

স্মর্তব্য যে ক’ভিড মহামাৰীৰ সংক্রমণৰ তীব্রতা বৃদ্ধি পোৱাৰ লগে লগে ২০২০ চনৰ ২৫ মার্চত দেশজুৰি লকডাউন ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এক আৰ টি আইৰ তথ্য অনুসৰি, ক’ভিড মহামাৰীৰ লকডাউনৰ সময়ত মাৰণ ভাইৰাছ এইচ আই ভিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে দেশত৷ মহাৰাষ্ট্রত এই সময়ছোৱাত ১০,৪৯৮জন এইডছত আক্রান্ত হোৱাৰ উপৰি এই তালিকাত অন্ধ্রপ্রদেশ আৰু কর্ণাটক ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে৷

You might also like