নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেন ষ্ট’কছক ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়কৰূপে নিযুক্তি

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ আশা কৰা মতেই ইংলেণ্ডৰ টেষ্ট অধিনায়কৰূপে নিযুক্ত হ’ল বেন ষ্ট’কছ৷ ইংলেণ্ডৰ ৮১সংখ্যক টেষ্ট অধিনায়কৰ দায়িত্ব লাভ কৰে এই অলৰাউণ্ডাৰগৰাকীয়ে৷ ইংলেণ্ড ক্রিকেট ব’র্ডে আজি ষ্ট’কছৰ নাম টেষ্ট অধিনায়ক হিচাপে ঘোষণা কৰে৷ নেতৃত্বৰ দায়িত্ব পোৱাৰ পিছতে ষ্ট’কছে তেওঁৰ পূর্বসূৰী জ’ ৰুটক ধন্যবাদ জ্ঞাপন কৰে৷

তেওঁ কয় যে ইংলেণ্ডক নেতৃত্ব প্রদানৰ সুযোগ পাই অতিশয় সন্মানিত৷ ইংলেণ্ডৰ ক্রিকেটৰ বাবে ৰুটে যিখিনি কৰিছে তাৰ বাবে তেওঁক ধন্যবাদ জনায় লগতে কয় যে তেওঁ সকলো সময়তে ক্রিকেটৰ এগৰাকী দুর্দান্ত দূত৷ উল্লেখ্য যে এছেজ শৃংখলাৰ পাছত ৱেষ্ট ইণ্ডিজ ভ্রমণত সম্পূর্ণৰূপে ব্যর্থ হোৱাৰ পিছত তীব্র সমালোচনাৰ সন্মুখীন হৈ ইংলেণ্ডৰ নেতৃত্বৰ পৰা পদত্যাগ কৰিছিল ৰুটে৷

You might also like