নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিক্রী হ’ল মাৰাডোনাৰ ‘হেণ্ড অৱ গড’ গ’লৰ বল

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: বিক্রী হৈ গ’ল ‘হেণ্ড অৱ গড’ৰ সেই বিখ্যাত বলটো৷ ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মেচত ডিয়েগো মাৰাডোনাই যিটো বলেৰে প্রথমটো গ’ল কৰিছিল সেই বলটো বহু মূল্যত বিক্রী হৈছে যদিও প্রত্যাশা অনুসৰি দাম পোৱা নগ’ল বুলিও একাংশই আক্ষেপ প্রকাশ কৰিছে৷ নিলাম কৰা সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে যে ভাৰতীয় মুদ্রাত প্রায় ১৯.৫ কোটি টকাত বিক্রী হৈছে বলটো৷ আশা কৰা হৈছিল ডেৰগুণ অধিক দামত বলটো বিক্রী হ’ব৷ ‘আজটেকা’ নামৰ এই বলটো ইমানদিনে টিউনিছিয়াৰ ৰেফাৰী আলী বিন নাছেৰৰ ওচৰত আছিল৷ তেওঁ এই মেচখনৰ পৰিচালনাৰ দায়িত্বত আছিল৷ সম্প্রতি তেওঁ বলটো নিলাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অৱশ্যে নিলামত কোনে বলটো ক্রয় কৰিছে তেওঁৰ নাম প্রকাশ কৰা হোৱা নাই৷ উল্লেখ্য যে প্রয়াত মাৰাডোনাই সেই মেচখনত পৰিধান কৰা জার্ছিটো ছমাহ পূর্বে বিক্রী হৈছিল৷

You might also like