নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–নিউজিলেণ্ডৰ আজি প্রথম টি–২০

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: বিশ্বকাপত শোচনীয় প্রদর্শনৰ পিছত ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক ৰোহিত শর্মাৰ লগতে কেইবাগৰাকী সদস্য তীব্র সমালোচনাৰ সন্মুখীন হৈছে৷ প্রতিযোগিতাখনৰ পিছতে আজি ৱেলিংটনত ভাৰতে নিউজিলেণ্ডৰ বিপক্ষে টি–২০ শৃংখলাত অভিযান আৰম্ভ কৰিবে৷ এইবাৰ ভাৰতীয় দলক নেতৃত্ব দিব হার্দিক পাণ্ডিয়াই৷ বিশ্বকাপৰ ব্যর্থতাৰ পিছত নতুন ৰূপত প্রত্যাৱর্তন ঘটাব বিচাৰে অধিনায়ক পাণ্ডিয়াই৷

মেচখনৰ পূর্বে সংবাদ মেলত পাণ্ডিয়াই কয়– ‘বিশ্বকাপৰ ফলাফলত সকলো যে হতাশ হৈছে, সেই কথা জানো৷ কিন্তু আমি যিহেতু পেছাদাৰী, সেইবাবে ব্যর্থতাকো মনত ৰাখিব নিবিচাৰোঁ৷ ভুল শুধৰাই ভালদৰে প্রত্যাৱর্তন ঘটাব বিচাৰোঁ৷’ পৰৱর্তী টি–২০ বিশ্বকাপ সম্পর্কত হাদিকে কয় যে এতিয়াও হাতত দুবছৰ সময় আছে৷ সেইবাবে নতুন প্রতিভা উলিয়াই অনাৰ সময় আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়াই পৰিকল্পনা আৰম্ভ হৈছে যদিও কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাযাব৷

উল্লেখ্য যে শুভমন গীল, উমৰান মালিক, ঈশান কিশন, সঞ্জু ছেমছনৰ দৰে বহু তৰুণ ক্রিকেটাৰে নিউজিলেণ্ড শৃংখলাত খেলিব৷ এই প্রসংগত হার্দিকে কয়–‘প্রথম শাৰীৰ ক্রিকেটাৰ নথকাত বাকীসকলৰ বাবে সুযোগ আহি পৰিছে৷ অৱশ্যে বিগত ডেৰ বছৰ ধৰি তেওঁলোকে খেলিছে৷ তেওঁলোকে যথেষ্ট সুযোগ পাইছে আৰু আন্তর্জাতিক ক্রিকেটত সময় অতিবাহিত কৰিছে৷ নিঃসন্দেহে দলটো শক্তিশালী হ’ব৷ আন্তর্জাতিক ক্রিকেটত প্রত্যেক মেচেই গুৰুত্বপূর্ণ৷ ইয়াত কোনোবাই ভাল খেলিলে আগন্তুক এদিনীয়া বিশ্বকাপৰ বাবেও তেওঁৰ কথা ভবাৰ অৱকাশ থাকিব৷’

খেলৰ সময়: দুপৰীয়া ১২ বজা৷

You might also like