নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিম টেষ্টৰ বাবে বেটিং সহায়ক উইকেট তৈয়াৰ কৰিব ব’র্ডে

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ দিবা–নৈশ টেষ্ট দুদিনৰ ভিতৰতে সমাপ্ত হোৱাৰ পিছত মটেৰাৰ উইকেটক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চতুর্থ তথা অন্তিম টেষ্টৰ বাবে মটেৰাৰ উইকেট বেটিং সহায়ক কৰি তোলাৰ লক্ষ্য লৈছে৷ ব’ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে৷ তেওঁ কয় যে চতুর্থ তথা অন্তিম টেষ্টত মটেৰাত সুন্দৰ হার্ড উইকেট দেখিবলৈ পোৱা যাব৷ বেটছমেনৰ বাবে এয়া হ’ব ৰম্যভূমি৷ ৰঙা বলেৰে খেলিবলগীয়া মেচখনত ৰানৰ জোৱাৰ উঠাৰ পূর্ণ সম্ভাৱনা আছে বুলিও সূত্রটোৱে উল্লেখ কৰে৷

উল্লেখ্য যে আহমেদাবাদৰ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামতে অহা ৪ মার্চৰ পৰা শৃংখলাৰ চতুর্থ তথা অন্তিমখন টেষ্ট খেলোৱা হ’ব৷ তৃতীয় টেষ্টৰ উইকেট অত্যধিক স্পীনসহায়ক হোৱাৰ পিছত আই চি চিৰ ৰোষৰ পৰা হাত সাৰিবলৈ ব’র্ডে অন্তিম টেষ্টত বেটিং সহায়ক উইকেট তৈয়াৰ কৰিবলৈ সাজু হৈছে৷ ইফালে, ব’ডৰ সূত্রটোৱে আজি এই কথাও উল্লেখ কৰে যে এইপর্যন্ত ইংলেণ্ড দলে মটেৰাৰ উইকেটক লৈ কোনো আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাই আৰু মেচ ৰেফাৰী জাভাগল শ্রীনাথেও পিটচ সন্দর্ভত আই চি চিক নেতিবাচক প্রতিবেদন দাখিল কৰা নাই৷

মন কৰিবলগীয়া যে শৃংখলাত ২–১ৰ অগ্রগতি লাভ কৰি থকা ভাৰতে অন্তিম টেষ্ট ড্র খেলিব পাৰিলেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হ’ব৷

You might also like