নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ক্রিকেটত এণ্ডাৰছনৰ অভিলেখ; সর্বাধিক উইকেট লাভ কৰা পেচ বলাৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ আন্তর্জাতিক ক্রিকেটত গ্লেন মেকগ্রাথৰ অভিলেখ ভংগ কৰিলে জেমছ এণ্ডাৰছনে৷ দক্ষিণ আফ্রিকাৰ চিমন হাৰমাৰক আউট কৰি তেওঁ নতুন অভিলেখ গঢ়িলে৷ মানচেষ্টাৰ টেষ্টত দক্ষিণ আফ্রিকাৰ দ্বিতীয় ইনিংছত হাৰমাৰক আউট কৰি এণ্ডাৰছনে আন্তর্জাতিক ক্রিকেটত ৯৫০টা উইকেট দখলৰ গৌৰৱ অর্জন কৰে৷ ইয়াৰ পাছত কাগিছো ৰাবাডাক আউটক কৰাৰ লগে লগে তেওঁৰ মুঠ উইকেটৰ সংখ্যা হয়গৈ ৯৫১৷ এতিয়া আন্তর্জাতিক ক্রিকেটত তেৱেঁই সর্বাধিক উইকেট দখলকাৰী পেচ বলাৰ৷ ইমানদিনে বেগী বলাৰসকলৰ ভিতৰত সর্বাধিক উইকেট চিকাৰী আছিল মেকগ্রাথ৷ এই পর্যন্ত এণ্ডাৰছনে টেষ্টত ৬৬৪, এদিনীয়াত ২৬৯ আৰু টি–২০ ক্রিকেটত ১৮টা উইকেট দখল কৰিছে৷ আন্তর্জাতিক ক্রিকেটত সর্বাধিক উইকেট দখলকাৰীৰ তালিকাত তেওঁ আছে চতুর্থ স্থানত৷

You might also like