নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাসৰুদ্ধ মেচত ভাৰতৰ হাতত পৰাস্ত চিৰবৈৰী পাকিস্তান

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ এছিয়া কাপৰ এখন ৰোমাঞ্চকৰ মেচত চিৰবৈৰী পাকিস্তানক দেওবাৰে ভাৰতে ৫ উইকেটত পৰাস্ত কৰে৷ বিশ্বৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধহৈ পৰা মেচখনৰ অন্তিমটো বললৈ অব্যাহত থাকে উত্তেজনা৷ যোৱাবাৰ টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ নিদ্রাহৰণ কৰিছিল বাবৰ আজম–ৰিজৱান যুটিয়ে৷ পাকিস্তানী বেটাৰৰ দপ্দপনিত তচনচ হৈ পৰিছিল বিৰাট কোহলিৰ বিশ্ব জয়ৰ সপোন৷ গ্রুপ পর্বৰ পৰাই বাহিৰ হৈছিল ভাৰত৷ কালি পুনৰ বাবৰ আৰু ৰিজৱান ডুবাইৰ ক্রিজত নমাৰ লগে লগে ভাৰতীয় সমর্থকৰ চকুত ভাহি উঠিছিল সেইদিনাৰ স্মৃতি৷ কিন্তু সেইদিনাৰ খেলৰ কালি পুনৰাবৃত্তি নহ’ল৷ ১০ ৰানতে আউট হৈ পেভিলিয়নলৈ উভতি যায় অধিনায়ক বাবৰ৷ অৱশ্যে দলৰ হৈ সর্বাধিক ৪৩ ৰানৰ এটি দর্শনীয় ইনিংছ খেলে ৰিজৱানে৷ দলৰ আন এগৰাকী বিশ্বস্ত বেটাৰ ফকৰ জামানো (১০)  ব্যর্থ হয়৷ ফলত প্রথমে বেটিং কৰি পাকিস্তানে কালি ১৯.৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই সংগ্রহ কৰে ১৪৭ ৰান৷

বিশ্বৰ অন্যতম শ্রেষ্ঠ বেটছমেনেৰে সমৃদ্ধ ভাৰতৰ বাবে লক্ষ্য যথেষ্ট সহজ আছিল যদিও বিগত বিশ্বকাপৰ দুর্বিষহ স্মৃতিয়ে খেদি ফুৰিছিল বেটাৰসকলক৷ সেইবাবেই কোনো এগৰাকী বেটাৰে দৃঢ়তাৰে খেলিব পৰা নাছিল৷ অধিনায়ক ৰোহিত শর্মাই মাত্র ১২ ৰানতে বিদায় লোৱাৰ পূর্বে আনগৰাকী অ’পেনাৰ কে এল ৰাহুলে দললৈ কোনো ৰানৰ বৰঙণি আগবঢ়াব নোৱাৰিলে৷ অৱশ্যে প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে ৩৫ ৰানেৰে ছন্দ ওভতাই পোৱাৰ ইংগিত দিয়ে৷

আনহাতে, সূর্যকুমাৰ যাদৱেও ১৮ ৰানতে বিদায় লয়৷ কোহলি আৰু ৰোহিতৰ বিদায়ৰ পাছত ভাৰতৰ ৰানৰ গতি হ্রাস পাইছিল যদিও ৰবীন্দ্র জাদেজা আৰু হার্দিক পাণ্ডিয়াই দলৰ উদ্ধাৰকাৰী ৰূপত অৱতীর্ণ হয়৷ জাদেজাই ২৯টা বল খেলি দুটা ৪ আৰু দুটা ৬ৰ সহায়ত ৩৫ ৰান সংগ্রহ কৰে৷ আনহাতে, বিধ্বংসী বেটিঙেৰে পাণ্ডিয়াই মাত্র ১৭টা বলতে ৩৩ ৰান সংগ্রহ কৰে৷ তেওঁৰ এই দর্শনীয় ইংনিছটোত আছিল চাৰিটা ৪ আৰু এটা ৬৷ মূলতঃ পাণ্ডিয়া আৰু জাদেজাৰ যুঁজাৰু ইংনিছৰ বাবেই ভাৰতে দুটা বল বাকী থকা অৱস্থাতে ৫ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়৷

উল্লেখ্য যে আঘাতৰ বাবে এছিয়া কাপৰ পৰা বাদ পৰিছিল ভাৰতীয় দলৰ শ্রেষ্ঠ পেচ বলাৰ যশপ্রীত বুমৰাহ৷ পাকিস্তানৰ বাবে সেইটোৱেই আছিল বৃহৎ এডভাণ্টেজ৷ কিন্তু বুমৰাহৰ অনুপস্থিতিৰ অনুভৱেই কৰিবলৈ নিদিলে ভুবনেশ্বৰ কুমাৰ আৰু হার্দিক পাণ্ডিয়াই৷ তেওঁলোক দুয়োৰে বলিঙৰ সন্মুখত কার্যতঃ স্থবিৰ হৈ পৰে পাকিস্তানৰ বেটিংক্রম৷ ফলত ভাৰতৰ বিৰুদ্ধে বৃহৎ লক্ষ্য স্থিৰ কৰিব নোৱাৰিলে বাবৰৰ দলটোৱে৷ ভুবনেশ্বৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে পাণ্ডিয়াই লাভ কৰে পাকিস্তানৰ তিনিটা গুৰুত্বপূর্ণ উইকেট৷ অর্শদীপ সিঙে ২টা আৰু আভেছ খানে ১টা উইকেট লাভ কৰে৷

You might also like