নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷ আহমেদাবাদত শনিবাৰে সামৰণি পৰা চতুর্থ তথা অন্তিমখন টেষ্টত ইংলেণ্ডক পৰাস্ত কৰাৰ পিছতেই ভাৰতীয় দলটোৱে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷

চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ভাৰতীয় দলটোৱে ইংলেণ্ডক ৩–১ৰ ব্যৱধানত পৰাস্ত কৰে৷ ১২খন টেষ্টত জয়, চাৰিখনত পৰাজয় আৰু এখন ড্র খেলি টীম ইণ্ডিয়াই ৫২০ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষস্থানটো অধিকাৰ কৰে৷

চলিত বছৰৰ জুন মাহত লর্ডছত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ নিউজিলেণ্ডে সাতখনত জয় আৰু চাৰিখনত পৰাস্ত হৈ ৪২০ পইণ্টেৰে দ্বিতীয় স্থানটো অধিকাৰ কৰে৷

You might also like