নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা

বিজেপিৰ প্ৰাৰ্থী ভূৱন পেগুৰ হৈ মনোনয়ন দাখিলৰ পূৰ্বে দহ হাজাৰ বাইকৰ অংশগ্ৰহণৰে প্ৰথমটো নিৰ্বাচনী ৰনডংকা বজালে বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ: জোনাই সমষ্টিত বিজেপিৰ বিশাল বাইক সমদল ৷ ১১৪ নং জোনাই বিধান সভা সমষ্টি বিজেপিৰ প্ৰাৰ্থী ভূৱন পেগুৰ হৈ মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
দহ হাজাৰ বাইক ৰেলীৰে প্ৰথমটো নিৰ্বাচনী ৰনডংকা ৷ জোনাইৰ গান্ধী ময়দান খেলপথাৰত বিশেষ হেলিপেটে দিনৰ ১২ বজাত জোনাইত উপস্থিত হৈ ইয়াৰ পিছতে জোনাইৰ পৰা চিলাপথাৰলৈ দহ হাজাৰ বাইক ৰেলী আৰম্ভ হব লগা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ সমৰ্থকে মিচিং, বাগৰুম্বা, শংখ, ঘণ্টা বজাই উষ্ম সম্ভাষণ জনায় ৷ জোনাইৰ হাজাৰ হাজাৰ সমর্থকৰ মাজত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়৷ জোনাইত মন্ত্রী ড০ শর্মা উপস্থিত হোৱাৰ লগে লগে মিচিং ঐৰকক, গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে একপী ছেল্ফি লোৱাৰ বাবে হেতা–ওপৰা লাগে দলীয় কর্মী–সমর্থকৰ লগতে শুভাকাংক্ষীৰ মাজত ৷

ইয়াৰ পিছতে জোনাইৰ পৰা দহ হাজাৰ বাইক ৰেলী আৰু প্ৰায় ৫০ হাজাৰ সমৰ্থকেৰে চিলাপথাৰ জনসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিৰ প্ৰৰ্থী তালিকা ঘোষণাৰ পিছতে জোনাই সমষ্টিৰ ন বিজেপি ভূৱন পেগুৰ হৈ আজি জোনাইৰ পৰা প্ৰথম নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ভাৰতীয় জনতা প্ৰাৰ্থীয়ে৷

নিৰ্বাচনী বাইক ৰেলীত ভাগ লৈ মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই কয় জোনাই সমষ্টিত আজি প্ৰথম আনুষ্ঠানিক ভাৱে নিৰ্বচনী প্ৰচাৰ আভিযান আৰম্ভ ৷ আগন্তুক বিধান সভা নিৰ্বাচনত খুব সুন্দৰ বাবে জয়লাভ কৰিম বিজেপিয়ে ৷ বিজেপি প্ৰাৰ্থীত্বৰ তালিকা খনে সৰ্বসাধাৰণৰ মন আকৃষ্ট কৰিছে ৷ যুৱ প্ৰজন্মই অগ্ৰাধিকাৰ পাইছে৷ আগলৈ ৰাইজে এখন সুন্দৰ বিধান সভা আমি দেখিবলৈ পাব বুলি মন্তব্য কৰে৷

আজি বিশাল বাইক ৰেলিত ন- বিজেপি ভূৱণ পেগুৱে সাংবাদিকৰ প্ৰশ্নৰ উওৰত কয় বিজেপিৰ ৰাষ্ট্ৰীয় , ৰাজ্যৰ নেতৃবৃন্ধই বিজেপিত প্ৰাৰ্থীত্ব দি ৰাজ্যক নেতৃত্ব দিয়াৰ দায়িত্ব দিছে আৰু লগতে টিকট ঘোষণা হোৱাৰ পিছত প্ৰথমবাগন নিৰ্বাচনী প্ৰচাৰ সভা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গন শক্তি অসম গণ পৰিষদে লগ খাই উষ্ম আদৰণি জনাইছো৷ গণশক্তি দলে জোনাই সমষ্টিৰ উন্নয়ন বিচাৰিছে৷ গণশক্তিৰ মূল্য লক্ষ্য উন্নয়ন ৷ যোৱা পাঁচ বছৰত বিজেপিয়ে বহুতো উন্নয়নৰ কাম কৰিছে আৰু ৰাইজক একগোঠ কৰি কাম কৰি একতাবোধ দেখায় সমন্বয় দেখাইছে গতিকে গণশক্তিয়ে আদৰনি জনাইছে আৰু গণশক্তিৰ দলে মোক আগোৱাই দিছে যে চৰকাৰৰ ভিতৰত গৈ ৰাইজৰ উন্নয়নৰ কামকাজ কৰাৰ কাৰণ৷ গণশক্তিৰ শীৰ্ষ স্থানৰ নেতাৰ পৰা ধৰি গাঁওপৰ্যায়ৰ নেতাসকলেও বিজেপিত যোগদান কৰি কাম কৰিবলৈ সিদ্ধান্ত লৈ আগবাঢ়ি অহাটো আদৰি লৈছে আৰু লগতে কয় গণশক্তিৰ বেনাৰ লোৱা কোনো নেতা কৰ্মীয়ে কেতিয়াও বিৰোপ মন্তব্য নকৰে বুলি কয়৷

ইপিনে আজিৰ বাইক ৰেলীত ধেমাজিৰ বিধায়ক ৰনোজ পেগু, লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ    নৱনিযুক্ত মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী লগতে অগপ , গণশক্তিৰ নেতা কৰ্মী উপস্থিত থাকে৷

You might also like