নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত সম্বর্ধনা অলিম্পিকত ব্রঞ্জ জয়ী লাভলীনা বৰগোহাঁইক

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ  ‘২০২৪ বর্ষৰ পেৰিছ অলিম্পিকত স্বর্ণপদক আঁজুৰি আনি সেই পদক লৈ সত্রনগৰী বৰপেটালৈ আহিম৷’– অলিম্পিকত ব্রঞ্জৰ পদক জয়ী তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে আজি বৰপেটাত এইদৰে কয়৷ বৰপেটা জিলা এমেচাৰ বক্সিং এছ’চিয়েচনে ক্লাব ৰাইনোৰ ব্যৱস্থাপনাত আজি আয়োজন কৰা এক ৰাজহুৱা সম্বর্ধনাত অসম কন্যাগৰাকীক সম্বর্ধনা জনোৱা হয়৷ বৰপেটাত কাইলৈৰ পৰা অনুষ্ঠিতব্য আন্তঃজিলা বক্সিঙৰ প্রাক্ক্ষণত আয়োজিত সম্বর্ধনা অনুষ্ঠানত ভাগ লৈ লাভলীনাই উদীয়মান বক্সিং প্রশিক্ষার্থীসকলৰ লগতে নৱপ্রজন্মৰ বক্সাৰসকলে একোজন দক্ষ বক্সাৰ হৈ ৰাজ্য তথা দেশৰ সুনাম কঢ়িওৱাৰ এক লক্ষ্য বান্ধিবলৈ আহ্বান জনায়৷ লাভলীনাক বৰপেটা জিলা এমেচাৰ বক্সিং এছ’চিয়েচন, ক্লাব ৰাইনো, বৰপেটা প্রেছ ক্লাব, বৰপেটা জিলা ক্রীড়া সংস্থা, ৰাইজিং ক্লাব, নেহৰু যুৱ সমাজ, তাঁতীকুছি বৰপেটা, ক্লাব ত্রিৰংগ, শিৱশংকৰ ক্লাব, কাৰাটেৰ কেইবাটাও সংগঠনকে ধৰি ষাঠিটাৰো অধিক সংস্থা, সংগঠন তথা অনুষ্ঠানে সম্বর্ধনা জনায়৷ সম্বর্ধনা অনুষ্ঠানত বৰপেটাৰ উপায়ুক্ত তেজপ্রসাদ ভূষাল, প্রাক্তন বিধায়কদ্বয় ডাঃ তাৰাপ্রসাদ দাস আৰু গুণীন্দ্র নাথ দাস, সাহিত্যিক অক্ষয় কুমাৰ মিশ্র, যোগানমন্ত্রী ৰঞ্জিত কুমাৰ দাস উপস্থিত আছিল৷ ইয়াৰ পূর্বে লাভলীনাই বৰপেটা সত্রত উপস্থিত হৈ সত্রৰ পৱিত্র স্থানসমূহত সেৱা জনায়৷

You might also like