নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ বছৰতে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ শ্রীলংকাৰ গুণাথিলাকাৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ  শ্রীলংকাৰ আক্রমণাত্মক বেটছমেন ডানুষ্কা গুণাথিলাকাই মাত্র ৩০ বছৰ বয়সতে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিলে৷ শ্রীলংকা ক্রিকেট ব’র্ডে আজি সদৰী কৰা অনুসৰি ক্রিকেটৰগৰাকীয়ে টি–২০ আৰু এদিনীয়াত অধিক মনোনিৱেশ কৰিবলৈ টেষ্ট ক্রিকেটক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছে৷ ২০১৮ চনতে অন্তিমবাৰৰ বাবে টেষ্ট খেলা গুণাথিলাকাই দুটা অর্ধশতকসহ ২৯৯ ৰান সংগ্রহ কৰিছিল৷ ইয়াৰ বিপৰীতে তেওঁ ৪৪খন এদিনীয়াত ১,৫২০ ৰান আৰু ৩০খন টি–২০ত ৫৬৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ যোৱা বছৰ ইংলেণ্ড ভ্রমণৰ সময়ছোৱাত জৈৱ সুৰক্ষিত বলয় ভংগৰ অভিযোগত গুণাথিলাকা, কুশল মেণ্ডিছ আৰু নিৰোছান ডিকৱেলাক শ্রীলংকা ক্রিকেট ব’র্ডে এবছৰলৈ নিষিদ্ধ কৰিছিল৷ অৱশ্যে কালি ব’র্ডে তৎকালে প্রযোজ্য হোৱাকৈ তেওঁলোকৰ এই নিষেধাজ্ঞা প্রত্যাহাৰৰ সিদ্ধান্ত লয়৷ ইয়াৰ পিছতে গুণাথিলাকাই আজি টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰে৷

You might also like