নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রথমবাৰ দবা অলিম্পিয়াড

নিয়মীয়া বাৰ্তা, ২০জুনঃ দবা অলিম্পিয়াডৰ বেটন উপস্থিত হ’ল নতুন দিল্লীত৷ ভাৰতত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই প্রতিযোগিতা৷ ২৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ পূর্বে ভাৰতৰ ৭৫খন চহৰত পৰিভ্রমণ কৰিব দবা অলিম্পিয়াডৰ শিখা৷ পৰৱর্তী ৪০ দিন দেশৰ বিভিন্ন চহৰৰ গ্রেণ্ডমাষ্টাৰসকল সেই শিখা লৈ পৰিভ্রমণ কৰিব৷ আজি নতুন দিল্লীত আন্তর্জাতিক দবা সংস্থা (ফিডে)ৰ প্রধান আৰকাডি ভৰক ভিছে শিখা তুলি দিয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাতত, তেওঁ সেই শিখা অর্পণ কৰে বিশ্বনাথন আনন্দৰ হাতত৷ দবা অলিম্পিয়াডৰ শতবর্ষলৈ দুবছৰ বাকী থকা অৱস্থাত প্রথমবাৰ ভাৰতত অনুষ্ঠিত হ’ব লগা এই প্রতিযোগিতাত বিশ্বৰ ১৮৮খন দেশে অংশগ্রহণ কৰিব৷

You might also like