নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিনলেণ্ডত স্বর্ণ পদক দখল নীৰজৰ

নিয়মীয়া বাৰ্তা, ২০জুনঃ অলিম্পিকৰ স্বর্ণ বিজয়ী নীৰজ চোপ্রাই পুনৰ সোণৰ পদক অর্জন কৰিলে৷ এইবাৰ তেওঁ স্বর্ণ দখল কৰিলে কুৱ’ৰটন গেমছত৷ ফিনলেণ্ডত অনুষ্ঠিত এই প্রতিযোগিতাখনত নীৰজে ৮৬.৬৯ মিটাৰ জেভেলিন দলিয়াই প্রথম স্থান অর্জন কৰে৷ তিনিদিন পূর্বে ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰিছিল এথলীটগৰাকীয়ে৷ পাভ’ নুৰমি গেমছত ৮৯.৩০ মিটাৰ দলিয়াই তেওঁ ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰিলেও সেই প্রতিযোগিতাখনত স্বর্ণপদক জয়ৰ পৰা বঞ্চিত হৈছিল৷ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় নীৰজ৷ ফিনলেণ্ডত সেই আক্ষেপ নাইকিয়া কৰি সোণৰ পদক জয় কৰিলে টকিঅ’ অলিম্পিকৰ ভাৰতীয় নায়কগৰাকীয়ে৷ বর্ষাসিক্ত খেলপথাৰত প্রথমবাৰেই ৮৬.৬৯ মিটাৰ দলিয়াই নীৰজে৷ সেই দূৰত্বৰে স্বর্ণপদক দখল কৰে তেওঁ৷

উল্লেখ্য যে অলিম্পিকৰ পিছত প্রথমবাৰৰ বাবে স্বর্ণ পদক জয় কৰিলে নীৰজ চোপ্রাই৷ অৱশ্যে তেওঁ প্রতিযোগিতাখনৰ পূর্বে ৯০ মিটাৰ জেভেলিন দলিওৱাৰ লক্ষ্য নির্ধাৰণ কৰি লৈছিল৷ নুৰমি গেমছত ২৪ বছৰ বয়সীয়া ভাৰতীয় এথলীটগৰাকীয়ে মাত্র ৭০ চেণ্টিমিটাৰৰ বাবে ৯০ মিটাৰৰ দূৰত্ব স্পর্শ কৰিবলৈ সক্ষম হোৱা নাছিল৷ ফিনলেণ্ডতো সেয়া সম্ভৱ নহ’ল যদিও স্বর্ণ জয় কৰিলে নীৰজে৷

You might also like