নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–পাকৰ মেচত ধর্মসেনা–ৰাইফেল; বিতর্কত জড়িত আম্পায়াৰক বিদায়

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: চলিত টি–২০ বিশ্বকাপত আম্পায়াৰৰ একাধিক সিদ্ধান্তই বিতর্কৰ সূচনা কৰিছে৷ পাকিস্তানৰ বিপক্ষে খেলা মেচত ছাকিব আল হাছান ভুল সিদ্ধান্তৰ চিকাৰ হৈছে৷ সেই সিদ্ধান্তই বাংলাদেশৰ মেচৰ গতি–প্রকৃতি সলনি কৰি দিয়ে৷ গ্রুপ পর্ব শেষ হোৱাৰ পিছত আম্পায়াৰিঙক লৈ আৰু কোনো বিতর্ক বিচৰা নাই আই চি চিয়ে৷ দুখন ছেমিফাইনেলত বিতর্কহীন আম্পায়াৰক ৰখা হৈছে৷ বৃহস্পতিবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগা দ্বিতীয়খন ছেমিফাইনেলত খেলপথাৰৰ আম্পায়াৰ হিচাপে নিয়োগ কৰা হৈছে কুমাৰ ধর্মসেনা আৰু পল ৰাইফেলক৷ দুয়োগৰাকী প্রাক্তন ক্রিকেটাৰ আৰু আম্পায়াৰ হিচাপেও সুনাম অর্জন কৰিছে৷ মেচখনত তৃতীয় আম্পায়াৰ হিচাপে থাকিব নিউজিলেণ্ডৰ ক্রিছ গাফানি৷ চতুর্থ আম্পায়াৰ ৰড টাকাৰ আৰু মেচ ৰেফাৰী ডেভিদ বুন৷ আনহাতে, পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজৰ প্রথমখন ছেমিফাইনেল পৰিচালনা কৰিব মাৰাইছ ইৰাছমাছ আৰু ৰিচার্ড ইলিংৱর্থে৷ তৃতীয় আম্পায়াৰৰ দায়িত্ব দিয়া হৈছে ৰিচার্ড কেটেলবৰোক৷ চতুর্থ আম্পায়াৰ আৰু মেচ ৰেফাৰী হিচাপে থাকিব ক্রমে মাইকেল গ’ফ আৰু ক্রিছ ব্রড৷ উল্লেখ্য যে চলিত বিশ্বকাপত একাধিকবাৰ বিতর্কত জড়িত হোৱা লেংটন ৰুছেক আৰু কোনো মেচৰ দায়িত্ব দিয়া হোৱা নাই৷ কালি ৰুছেৰ ভুলৰ বাবেই ছাকিবক অন্যায়ভাৱে আউট দিয়া হৈছিল৷ আনকি ডি আৰ এছতো আম্পায়াৰৰ ভুল সিদ্ধান্তৰ কথা স্পষ্ট হৈ পৰে৷ অষ্ট্রেলিয়া আৰু আফগানিস্তানৰ মাজৰ মেচখনতো পাঁচটা বলতে তেওঁ অ’ভাৰ সমাপ্তি ঘোষণা কৰিছিল৷

You might also like