নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম ছেমিত আজি নিউজিলেণ্ড–পাকিস্তান

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: চলিত টি–২০ বিশ্বকাপৰ প্রথমখন ছেমিফাইনেলত আজি পাকিস্তানৰ মুখামুখি হ’ব নিউজিলেণ্ড৷ মেচখনত নিউজিলেণ্ড ফেভাৰিট হিচাপে অৱতীর্ণ হ’ব যদিও পৰিসংখ্যাৰ হিচাপত আগুৱাই আছে পাকিস্তান৷ এইবাৰ অতি নাটকীয়ভাৱে ছেমিফাইনেলত প্রৱেশ কৰে বাবৰ আজমৰ দলে৷ ইয়াৰ বিপৰীতে গ্রুপত শীর্ষস্থানেৰে শক্তিশালী ৰূপত ছেমিফাইনেলত স্থান নিশ্চিত কৰে নিউজিলেণ্ডে৷ গ্রুপ অৱ ডেথ ৰূপে পৰিগণিত এইটো গ্রুপত নিউজিলেণ্ডৰ হাতত পৰাজিত হয় যোৱাবাৰৰ চেম্পিয়ন অষ্ট্রেলিয়া, শ্রীলংকা আৰু আয়াৰলেণ্ড৷ আনহাতে, আজম বাহিনী ছুপাৰ ১২ৰ দুখন গুৰুত্বপূর্ণ মেচত ভাৰত আৰু জিম্বাব’ৱেৰ হাতত পৰাজিত হৈ এটা সময়ত বিদায়ৰ দুৱাৰডলিত উপনীত হৈছিল৷ কিন্তু অঘটনৰ সৃষ্টি কৰি নেদাৰলেণ্ডছে দক্ষিণ আফ্রিকাক পৰাজিত কৰাৰ লগে লগে পাকিস্তানৰ ছেমিফাইনেলত প্রৱেশৰ ভাগ্য উদয় হয়৷ একেদিনাই বাংলাদেশক পৰাজিত কৰি পাকিস্তানে ছেমিফাইনেলৰ সপোন সার্থক কৰে৷

ইয়াৰ পূর্বে ১৯৯২ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত মুখামুখি হৈছিল পাকিস্তান আৰু নিউজিলেণ্ড৷ সেইবাৰ মেচখনত পাকিস্তান বিজয়ী হোৱাই নহয়, বিশ্বকাপৰ ট্রফীও অর্জন কৰিছিল৷ তদুপৰি ইতিপূর্বে খেলা বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিপক্ষে আটাইকেইখন মেচত বিজয়ী হৈছে পাকিস্তান৷ ১৯৯২ আৰু ১৯৯৯ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত আৰু ২০০৭ৰ টি–২০ বিশ্বকাপৰ ছেমিত পাকিস্তানৰ হাতত পৰাজিত হৈছিল নিউজিলেণ্ড৷ আনকি বিশ্বকাপৰ তিনিবাৰৰ ফাইনেলতে পৰাজিত হৈছে নিউজিলেণ্ড৷ কিন্তু এতিয়া সময় সলনি হৈছে৷ অধিনায়ক বাবৰ আৰু নির্ভৰযোগ্য বেটাৰ মহম্মদ ৰিজৱানে ৰানৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে৷ দলটোৱে বাংলাদেশৰ বিপক্ষে ১২৮ ৰান কৰিবলৈ যাওঁতেও তীব্র প্রত্যাহ্বানৰ মুখামুখি হৈছে পাকিস্তান৷ নিউজিলেণ্ডৰ তাৰকা পেচাৰদ্বয় ট্রেণ্ট ব’ল্ট আৰু টিম ছাউডীয়ে ছিডনীত অষ্ট্রেলিয়া আৰু শ্রীলংকাৰ বেটিং মেৰুদণ্ড চূর্ণ–বিচূর্ণ কৰি সহজ বিজয় সাব্যস্ত কৰিছিল৷ অৱশ্যে পাকিস্তানৰ বলিং আক্রমণো বেটিং লাইনতকৈ যথেষ্ট শক্তিশালী৷

খেলৰ সময়:  দিনৰ ১.৩০ বজা৷

You might also like