নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ গুলীচালনাত অভিযুক্ত জোৱানক ৰিজাৰ্ভ ক্ল’জঃ চৰকাৰক আয়ুক্ত পৰ্যায়ৰ তদন্ত ঘোষণাৰ দাবী অসম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ নগাঁৱৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ। গুলীচালনাৰ ঘটনাৰ সৈতে অভিযুক্ত জোৱানজনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। আনহাতে ৰাজ্য চৰকাৰক এক আয়ুক্ত পৰ্যায়ৰ তদন্ত ঘোষণাৰ দাবী জনাইছে অসম আৰক্ষীয়ে। যদিহে দোষী সাব্যস্ত হয় তেন্তে জোৱানজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে অসম আৰক্ষীয়ে। আজি টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে।

উল্লেখ্য যে ছাত্ৰনেতাজনৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি, শনিবাৰে সন্ধিয়া কীৰ্তি কমলে ঔষধ আনিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। আৰক্ষীয়ে দাবী কৰা নিচিনাকৈ তেওঁ মদ্যপান কৰি ঘৰলৈ ওভটি অহা নাছিল। কিয়নো তেওঁ কাহানিও মাদক দ্ৰব্য সেৱন নকৰে বুলি পৰিয়ালৰ লোকে দাবী কৰি কয় যে যুৱকজনক আৰক্ষীয়ে গুলীয়াই আহত কৰাটো দুৰ্ভাগ্যজনক।

 

You might also like