নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলিকপ্টাৰ দুর্ঘটনাত পাক সেনাৰ ৬ বিষয়া–কর্মী নিহত

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: বেলুচিস্তানত কালি পাকিস্তানী সেনাৰ হেলিকপ্ঢাৰ এখন দুর্ঘটনাৰ ফলত ৬গৰাকী লোক নিহত হয়৷ নিহত আটাইকেইজনেই আছিল সেনা কর্মী৷ ইয়াৰ ভিতৰত দুগৰাকী বিষয়াও আছে৷ পাকিস্তানী সেনাৰ জনসম্পর্ক ৰক্ষা বিভাগৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ বেলুচিস্তানৰ খোষ্টত হেলিকপ্ঢাৰখন দুর্ঘটনাত পতিত হয়৷ এই দুর্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই৷ স্মর্তব্য যে চলিত বর্ষৰ আগষ্ট মাহত বেলুচিস্তান প্রদেশতে হোৱা এক হেলিকপ্ঢাৰ দুর্ঘটনাত পাকিস্তানী সেনাৰ এগৰাকী জেনেৰেলসহ ৬গৰাকী বিষয়া নিহত হৈছিল৷

You might also like