নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ পতনৰ অভিলেখ; প্রতি ডলাৰত হ’লগৈ ৮১ টকা ৪৭ পইচা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: উৎসৱৰ দিনত দেশৰ মুদ্রাৰ মূল্যৰ অভাৱনীয় পতন ঘটিছে৷ আজি পুনৰ টকাৰ মূল্যৰ পতনে অভিলেখ সৃষ্টি কৰে৷ প্রতি ডলাৰত ভাৰতীয় টকাৰ মূল্য ৮১ টকা ৪৭ পইচা হৈছে৷ বর্তমানলৈ এয়া সর্বনিম্ন৷ যোৱা শুকুৰবাৰে ডলাৰে প্রতি টকাৰ মূল্য ৮০ টকা ৯৯ পইচা হৈছিল৷ আজি ৮১ টকাৰ সীমা অতিক্রম কৰিলে এই মূল্যমানে৷ বিশেষজ্ঞসকলে মন্তব্য কৰা অনুসৰি সমগ্র এছিয়াৰ অর্থনৈতিক অৱস্থা এতিয়া শোচনীয়৷ প্রতিখন দেশতে কম–বেছি পৰিমাণে প্রভাৱ পৰিছে৷ কেইবাখনো দেশত অভাৱনীয়ভাৱে মুদ্রাস্ফীতি ঘটিছে৷ আনকি ডলাৰৰ নিৰিখত চীন আৰু জাপানৰ মুদ্রাৰো পতন ঘটিছে৷ তাৰ প্রভাৱ পৰিছে ভাৰততো৷ ইফালে, আজি ছেনছেক্স আৰু নিফটিতো আৰম্ভ হৈছে পতন৷ আজি শ্বেয়াৰ বজাৰ মুকলিৰ সময়ত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১ টকা ৫২ পইচা হয়গৈ৷ ইয়াৰ কিছু সময়ৰ পিছতে সেয়া ৮১ টকা ৫৫ পইচালৈ স্পর্শ কৰে৷ অৱশ্যে শেষলৈ ডলাৰে প্রতি ভাৰতীয় মুদ্রা ৮১ টকা ৪৭ পইচাত ৰয়গৈ৷

You might also like