নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ হাজাৰ অভাৱগ্রস্ত শিশুক আর্থিক সাহায্য তেণ্ডুলকাৰৰ

মানৱ জাতিৰ সংকটৰ সময়ত ‘ক্রিকেটৰ ভগৱান’ৰ মহানুভৱতা

নিয়মীয়া বাৰ্তা, ১০ মে’ : সমগ্র বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ সময়ত আর্তজনৰ কাষত থিয় দিছে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ৷ প্রায় ডেৰ মাহ পূর্বে প্রধানমন্ত্রীৰ সাহায্য পুঁজি আৰু মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ২৫ লাখকৈ মুঠ ৫০ লাখৰ আর্থিক সাহায্য আগবঢ়োৱা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে শেহতীয়াকৈ মুম্বাইস্থিত ব্রিহানমুম্বাই মিউনিচিপাল ক’পৰেচন স্কুলৰ শিশুকে ধৰি প্রায় চাৰি হাজাৰ অভাৱগ্রস্ত লোকক আর্থিকভাৱে সহায় কৰিছে ৷ মুম্বাইৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ মাধ্যমেৰে তেওঁ এই অভাৱগ্রস্ত লোকসকলৰ কাষত থিয় দিছে৷ ইয়াৰ পূর্বে তেণ্ডুলকাৰে প্রায় এমাহ মুম্বাইৰ ৫ হাজাৰ দৰিদ্র লোকক অন্নদান কৰিছিল ৷

You might also like