নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আৰক্ষীলৈ ৫ লাখ টকাকৈ অনুদান আগবঢ়ালে বিৰাট–অনুষ্কাই

নিয়মীয়া বাৰ্তা, ১০ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বত ভয়াৱহ স্বাস্থ্যজনিত সংকট সৃষ্টি কৰাৰ সময়ত ভাৰতৰ অধিকাংশ ক্রিকেট তাৰকাই মানৱ সেৱাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা দেখা গৈছে ৷ ইয়াৰ অন্যতম উদাহৰণ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি ৷ পত্নী তথা বলীউডৰ মোহময়ী অভিনেত্রী অনুষ্কা শর্মাৰ সৈতে ইতিমধ্যে প্রধানমন্ত্রীৰ কেয়ার্ছ ফাণ্ড আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ অঘোষিত ধনৰ আর্থিক সাহায্য আগবঢ়োৱাৰ পিছত চেলিব্রেটী দম্পতীয়ে শনিবাৰে মুম্বাই আৰক্ষীলৈ ৫ লাখকৈ টকাৰ অনুদান আগবঢ়াইছে ৷ মুম্বাই আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে টুইটাৰত এই কথা সদৰী কৰে ৷ মুম্বাই আৰক্ষীৰ জোৱানসকলৰ কল্যাণৰ বাবে পাঁচ লাখকৈ আর্থিক অনুদান আগবঢ়োৱা কোহলি আৰু অনুষ্কাক ধন্যবাদ জনাই সিঙে কয় যে আপোনালোকৰ বৰঙণিয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত ফ্রণ্টলাইন যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিব ৷ উল্লেখ্য যে কোহলি আৰু অনুষ্কাই ছ’চিয়েল মিডিয়াত নিয়মীয়াকৈ ক’ৰোনাৰ বিৰুদ্ধে সজাগতামূলক বার্তা বিলাই থকা দেখা গৈছে ৷

You might also like