নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ক্রীড়াৰ অসম দলৰ জার্ছী–কিট মুকলি

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: ‘ৰাজ্যখনৰ বিভিন্ন প্রান্তত থকা ক্রীড়া প্রতিভাসমূহ পোহৰলৈ অনাৰ লগতে উজ্জীৱিত কৰাৰ বাবে আৰু খেলুৱৈসকলৰ বাবে এটা উপযুক্ত ক্রীড়া পৰিৱেশ গঢ় দিবলৈ আমি ক্রীড়াৰ আন্তঃগাঁথনি উন্নত কৰাত অগ্রাধিকাৰ দিছোঁ৷ সৰুসজাইৰ দৰে চন্দ্রপুৰতো এখন অত্যাধুনিক ষ্টেডিয়াম গঢ় দিবলৈ আমি মনস্থ কৰিছোঁ৷’– এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৩৬সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰিবলগীয়া অসম দলৰ জার্ছী আৰু অন্যান্য কিট মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে নেহৰু ষ্টেডিয়ামৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যজুৰি এনেধৰণৰ ক্রীড়াৰ বিভিন্ন কল্যাণকামী পদক্ষেপ লোৱা বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে অসমৰ ক্রীড়া নীতিৰ জৰিয়তে অসমৰ খেলুৱৈসকল যথেষ্ট উপকৃত হৈছে৷ আসন্ন ৰাষ্ট্রীয় ক্রীড়াত অসমৰ খেলুৱৈসকলে উৎকৃষ্ট প্রদর্শন দাঙি ধৰি অসমবাসীক গৌৰৱান্বিত কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে আসন্ন ৰাষ্ট্রীয় ক্রীড়াত পদক বিজয়ী প্রতিগৰাকী খেলুৱৈক অর্হতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তি প্রদান কৰিব৷ ২৭ ছেপ্ঢেম্বৰৰ পৰা ১০ অক্টোবৰলৈ গুজৰাটত অনুষ্ঠিতব্য ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণৰ বাবে ৰাওনা হ’বলগীয়া অসমৰ দলটোক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্য চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ লগতে অসম অলিম্পিক সন্থাৰ যুটীয়া উদ্যোগত শুভেচ্ছামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী তথা অলিম্পিক সন্থাৰ সভাপতি সর্বানন্দ সোণোৱাল৷ প্রতিযোগিতাখনলৈ অসমে ২৭২জনীয়া এটি দল প্রেৰণ কৰিব৷ এই দলটোত আছে লাভলীনা বৰগোহাঁই, যমুনা বড়ো, শিৱ থাপা, অংকুশিতা বড়ো, হিমা দাস, নয়নমণি শইকীয়া, অম্লান বৰগোহাঁই, অস্মিতা চলিহা, শিৱাংগী শর্মা, আস্থা চৌধুৰী, বিক্রম চাংমাই আদিৰ দৰে কেইবাগৰাকী তাৰকা খেলুৱৈ৷ আজি দলটোক আনুষ্ঠানিকভাৱে শুভেচ্ছা আৰু সম্ভাষণ জনোৱাৰ লগতে মুখ্যমন্ত্রী আৰু কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এটি শুভেচ্ছামূলক গীতৰ লগতে দলীয় জার্ছীসহ কিট মুকলি কৰি খেলুৱৈসকলক বিতৰণ কৰে৷ শুভেচ্ছামূলক গীতটোত কণ্ঠদান কৰিছে জুবিন গার্গে৷ ভাষণ প্রসংগত সোণোৱালে কয় যে মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ক্রীড়া জগতখনক উজ্জীৱিত কৰি তোলাৰ লগতে খেলুৱৈসকলক উৎসাহিত কৰি আহিছে৷ এইবাৰ ৰাষ্ট্রীয় ক্রীড়াত অসমে দেশৰ পাঁচটা স্থানৰ ভিতৰত থাকিব বুলি তেওঁ আশা প্রকাশ কৰে৷ অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আদৰণী ভাষণ আগবঢ়ায়৷ অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং উপস্থিত থাকে৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত প্রথমবাৰৰ বাবে খেলুৱৈসকলক বিমানযোগে ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰিবলৈ গুজৰাটলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে৷

You might also like