নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ পৰিৱেশ অনুকূলত থাকিব৷ ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে৷ নতুন কোনো কামত সফল হ’ব পাৰিব৷ বিশেষ কিবা পৰিৱর্তনৰ আশা নকৰাই ভাল৷ আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক৷ ব্যৱসায়ত উন্নতি৷ প্রেমত অশুভ ফল৷
বৃষ ঃ সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ ক্রোধ নিয়ন্ত্রণত ৰখাৰ চেষ্টা কৰক৷ দুপৰীয়াৰ পিছত আর্থিক ক্ষেত্রত ভাল ফল আশা কৰিব পাৰে৷ বাধাৰ মাজেৰে কর্মত সাফল্যৰ যোগ৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফলদায়ক৷ প্রেমপ্রীতিত অশুভ ফল৷
মিথুন ঃ শুভ বুধৰ প্রভাৱত আয়–উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ কর্মক্ষেত্রত অশান্তি৷ বুধ শুভ হোৱাৰ বাবে ব্যৱসায়–বাণিজ্যত উন্নতি অব্যাহত থাকিব৷ নতুন যোগৰ ক্ষেত্রত সাফল্য আহিব৷
কর্কট ঃ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ একাধিক সুযোগ–সুবিধা বেয়া হ’ব পাৰে৷ বিভিন্ন কাৰণত দিনটোত আর্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব৷ ভ্রমণৰ যোগ৷ প্রেমত শুভ৷
সিংহ ঃ পাৰিবাৰিক দিশত অশুভ৷ পত্নীৰ কাৰণে চিন্তা৷ অশুভ ৰাহুৰ কাৰণে আয়–উন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ ব্যৱসায়–বাণিজ্যত অৱশ্যে সিমান বেয়া নহ’ব৷ বিদ্যার্থীৰ মধ্যম ফল৷
কন্যা ঃ পৰিশ্রম অনুপাতে দিনটোত আয়–উন্নতি কম হ’ব৷ শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব৷ কর্মক্ষেত্রত সহকর্মীৰ সহযোগিতা পাব৷ ব্যৱসায়–বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব৷ প্রেম আৰু দাম্পত্যত শুভ৷
তুলা ঃ বিশেষ কোনো গুণৰ বাবে সন্মানপ্রাপ্তিৰ যোগ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ফলদায়ক৷ আর্থিক ক্ষেত্রত দিনটো শুভ৷ যদিও মানসিক অশান্তি থাকিব৷ কর্মক্ষেত্রত সৰু–সুৰা সমস্যা আছে৷ বিদ্যার্থীৰ শুভ৷
বৃশ্চিক ঃ শনি অশুভ হোৱা বাবে খং, ৰাগ অত্যধিক বৃদ্ধি পাব৷ অনাৱশ্যক কাৰণত ব্যয় বৃদ্ধিৰ যোগ৷ কিবা কাৰণত টকা–পইচা ঋণ ল’ব লগা হ’ব পাৰে৷ অৱশ্যে দিনটোত মনৰ আশা পূৰণৰ যোগ দেখা যায়৷ দুর্ঘটনাৰ যোগ৷ গতিকে দিনটোত সাৱধানতা অৱলম্বন কৰিব৷
ধনু ঃ শাৰীৰিক দিশত আঘাতপ্রাপ্তিৰ যোগ৷ গতিকে চলা–ফুৰাত সতর্ক থাকিব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও সেই অনুপাতে আর্থিক উন্নতিৰ ক্ষেত্রত বাধা থাকিব৷
মকৰ ঃ কর্মক্ষেত্রত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ৷ কিছু ক্ষেত্রত নায্যপ্রাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে৷ পাৰিবাৰিক ক্ষেত্রত মধ্যম৷ আবেলিৰ ভাগত আর্থিক ক্ষেত্রত পৰিৱর্তন লক্ষ্য কৰা যায়৷
কুম্ভ ঃ কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব৷ আর্থিক ক্ষেত্রত দিনটো শুভ৷ পিতৃ–মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব৷
মীন ঃ মীন ৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি৷ আবেলি ভাগত কিছু সমস্যাই দেখা দিব পাৰে৷ বৃহস্পতিৰ শুভ প্রভাৱত নিবনুৱা জাতক–জাতিকাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যৱসায়–বাণিজ্যত শুভ৷

You might also like