নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলপথাৰত দেখাৰ দৰে আক্রমণাত্মক স্বভাৱৰ নহয় কোহলিঃ জাম্পা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক খেলপথাৰত সততে আক্রমণাত্মক ৰূপত দেখিবলৈ পোৱা যায় যদিও প্রকৃতার্থত তেওঁ এগৰাকী ৰসাল ব্যক্তি৷ কোহলিৰ মহানুভৱতাক ভূয়সী প্রশংসা কৰি এই মন্তব্য আগবঢ়াইছে অষ্ট্রেলিয়াৰ উদীয়মান লেগ স্পিনাৰ আডাম জাম্পাই৷ ‘ছিডনী মর্নিং হেৰল্ড’ সংবাদ পত্রৰ সন্মুখত ২৮ বছৰীয়া তাৰকাগৰাকীয়ে কয় যে আই পি এলৰ সময়ত তেওঁ কোহলিৰ সৈতে একেটা ড্রেছিং ৰুমত কটোৱাৰ সুযোগ পাইছিল৷

এই সময়ছোৱাত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীক তেওঁ ভালকৈ বুজিব পাৰিছিল বুলি উল্লেখ কৰি জাম্পাই কয় যে খেলপথাৰত দেখাৰ দৰে সাধাৰণতে কোহলি আক্রমণাত্মক স্বভাৱৰ ব্যক্তি নহয়৷ ‘আৰ চি বিৰ সৈতে থকাৰ সময়ত এদিন হঠাতে মোৰ ম’বাইলত এটা মেছেজ আহিছিল৷ এখন ভাল ৰেষ্টুৰেণ্টত একেলগে খোৱাৰ প্রস্তাৱ দি এগৰাকী অচিনাকি ব্যক্তিৰ পৰা এই মেছেজটো আহিছিল৷

পিছত মই জানিব পাৰিলোঁ যে তেওঁ আছিল আমাৰ অধিনায়ক কোহলি৷ দলৰ প্রতিগৰাকী খেলুৱৈৰ সৈতে তেওঁ সমন্বয় বর্তাই ৰাখিছিল৷ তেওঁৰ মহানুভৱতাই মোক আকৃষ্ট কৰিছিল৷ দলীয় বাছত আমি প্রায়ে একেলগে অহা–যোৱা কৰিছিলোঁ৷ কোহলিয়ে ইউ টিউবত ভিডি’ চাই ভ্রমণ কৰে৷ মাজে মাজে খুব ডাঙৰকৈ হাঁহি মোৰ সৈতে মত–বিনিময় কৰে৷’ –আডাম জাম্পাই এইদৰে কয়৷ মন কৰিবলগীয়া যে আই পি এলত একেটা দলৰ হৈ খেলিলেও জাম্পাই টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিক আন্তঃৰাষ্ট্রীয় ক্রিকেটত এতিয়ালৈকে সাত বাৰ আউট কৰিছে৷

You might also like