নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটবল জগতত আফ্রিকান বিপ্লৱ, যুৱ বিশ্বকাপত মৰক্কো চেম্পিয়ন

ফুটবল জগতত ইতিহাস মৰক্কোৰ৷ উত্তৰ আফ্রিকাৰ এইখন দেশে শক্তিশালী আজেণ্টিনাক পৰাস্ত কৰি প্রথমবাৰৰ বাবে ২০ বছৰ অনূর্ধ্ব বিশ্বকাপ ফুটবলত চেম্পিয়নৰ সন্মান অর্জন কৰে৷

চিলিৰ ৰাজধানী ছাণ্টিয়াগোৰ এষ্টাডি’ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত খিতাপ যুঁজৰ মেচখনত মৰক্কোৱে ৬বাৰৰ চেম্পিয়ন আর্জেণ্টিনাৰ ২–০ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে৷ চেম্পিয়ন মৰক্কোৰ এই জয়ৰ মূলতে আছিল য়াছেৰ জাবিৰি৷ উত্তেজনাপূর্ণ খেলখনৰ ১২ মিনিটত জাবিৰিৰ গ’লৰ জৰিয়তে মৰক্কোই গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰে৷

২৯ মিনিটত জাবিৰিয়ে ব্যক্তিগতভাৱে দ্বিতীয়টো গ’ল স্ক’ৰ কৰি দলটোক ২–০ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ দুগ’লত পিছপৰা আর্জেণ্টিনাই দ্বিতীয়ার্ধ্বত মৰক্কোৰ গ’লবক্সত উপর্যুপৰি আক্রমণ চলাইছিল৷

কিন্তু মৰক্কোৰ গ’লৰক্ষক গোমিছে প্রাচীৰৰূপে থিয় দিয়ে৷ আর্জেণ্টিনাৰ কেইবাটাও শ্বট প্রতিহত কৰি মৰক্কোক নিশ্চিত বিপদৰপৰা ৰক্ষা কৰিছিল গোমিছে৷

উল্লেখ্য যে ২০০৫ চনৰ বিশ্বকাপত মৰক্কোৰ যুৱ দলটোৱে চতুর্থ স্থান দখল কৰিছিল৷ আনহাতে, ২০০৯ চনত ঘানাৰ পিছত ২০ বছৰ অনূর্দ্ধৰ বিশ্বকাপ ফুটবল জয় কৰাৰ আফ্রিকাৰ দ্বিতীয়খন দেশ হিচাবে পৰিগণিত হয় মৰক্কো৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২১ অক্টোবৰ

You might also like