নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ অম্লানৰ স্বর্ণ পদক

📌 বেলজিয়ামৰ ফ্লেণ্ডার্ছ কাপ

বিশেষ বাৰ্তা, ৫ জুনঃ ভাৰতৰ দ্রুততম মানৱ তথা অসমসন্তান অম্লান বৰগোহাঁয়ে দুভৰিৰ যাদুৰে আন্তর্জাতিক পর্যায়তো অনুৰাগীক মুগ্ধ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে কেইবাখনো ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত উজলি উঠা অম্লানে বেলজিয়ামত অনুষ্ঠিত এখন আন্তর্জাতিক প্রতিযোগিতাত ১০০ আৰু ২০০ মিটাৰ দৌৰত স্বর্ণ পদক অর্জন কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বেলজিয়ামৰ মের্কছেমত অনুষ্ঠিত ফ্লেণ্ডার্ছ কাপ ২০২৩ এথলেটিকছ মীটত তেওঁ দুয়োটা ইভেণ্টতে দখল কৰে শীর্ষস্থান ৷ পুৰুষৰ ১০০ মিটাৰ দৌৰত অম্লানে ১০.৭০ ছেকেণ্ডেৰে স্বর্ণ পদক অর্জন কৰে ৷ অৱশ্যে তেওঁ এই ইভেণ্টত ব্যক্তিগত শ্রেষ্ঠ সময় দিবলৈ সক্ষম নহ’ল৷ দৌৰবিদগৰাকীয়ে ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্রীয় অভিলেখ প্রতিষ্ঠা কৰিছিল৷ বেলজিয়ামৰ প্রতিযোগিতাখনত তেওঁ ০.৪৫ ছেকেণ্ড অধিক ল’লেও বিপক্ষ দৌৰবিদসকলে স্বর্ণ পদকৰ পৰা আঁতৰাব নোৱাৰিলে৷ প্রতিযোগিতাখনৰ ১০০ মিটাৰ দৌৰত জামাইকাৰ আব্রে এলেনে ১০.৮০ ছেকেণ্ডেৰে ৰূপৰ পদক অর্জন কৰাৰ বিপৰীতে বেলজিয়ামৰ ভিক্টৰ হফমেনে ১১.০১ ছেকেণ্ডেৰে ব্রঞ্জৰ পদক লাভ কৰে৷ ইপিনে, অসমৰ প্রচুৰ সম্ভাৱনাপূর্ণ দৌৰবিদ অম্লানে পুৰুষৰ ২০০ মিটাৰ দৌৰত ২০.৯৬ ছেকেণ্ডেৰে সোণৰ পদক লাভ কৰে৷ এই ইভেণ্টত হফমেনে ২১.৪২ ছেকেণ্ডেৰে ৰূপৰ পদক অর্জন কৰাৰ বিপৰীতে জামাইকান স্প্রিণ্টাৰ ছেমুৱেল ৰ’ৱে ২১.৮৭ ছেকেণ্ডেৰে ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ এই ইভেণ্টতো অম্লানে ব্যক্তিগত শ্রেষ্ঠ সময় দিবলৈ সক্ষম নহ’ল ৷ খেলুৱৈগৰাকীয়ে ২০.৫২ ছেকেণ্ডেৰে ৰাষ্ট্রীয় অভিলেখ প্রতিষ্ঠা কৰিছিল ৷ উল্লেখ্য যে আগন্তুক এছিয়ান গেমছত স্থান অর্জনৰ বাবে প্রদর্শনৰ উন্নতি ঘটাবলৈ অম্লান বৰগোহাঁয়ে আন্তর্জাতিক ট্যুৰ অব্যাহত ৰাখিছে ৷ ইতিপূর্বে অনুষ্ঠিত একাধিক প্রতিযোগিতাত তেওঁ স্বর্ণ পদক অর্জনেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷

You might also like