নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্মল হাত দুখনিও সুস্বাস্থ্যৰ মূলমন্ত্র

-নৱ ডেকা

মানৱ দেহৰ অন্যতম প্রধান অংগবোৰৰ ভিতৰত অত্যন্ত গুৰুত্বপূর্ণ অংগ হৈছে হাত দুখন৷ মণিবন্ধৰ পৰা লিহিৰি লিহিৰি আঙুলিৰ মূৰৰ অংশলৈ সাধাৰণতে হাত বুলি জনা যায়৷ পাঁচটা আঙুলি ক্রমে বুঢ়া, তর্জনী, মধ্যমা, অনামিকা, কেঞা আঙুলি আৰু হাতৰ তলুৱাৰ গঠিত হাতখনে যথেষ্ট নমনীয়তা আৰু গতিশীলতা প্রদর্শন কৰা দেখা যায়৷ আমাৰ হাত দুখনিয়ে আমাৰ বাবে বহু তাৎপর্যপূর্ণ কার্য সম্পাদন কৰি জীৱনৰ গতিময়তাত প্রভূত অৰিহণা যোগায়৷ যেনে– স্পর্শ কৰা, ধৰা, অনুভৱ কৰা, লিখা–মেলা কৰা, সৃষ্টিকর্মৰ উৎপত্তি, খোৱা–লোৱা কৰা আৰু যে কত কি?, গৰম–ঠাণ্ডা চুই চাব পৰা যায়, অনুভৱ কৰিব পৰা যায়, গধুৰ–পাতৰ বস্তু ধৰিব পৰা যায়, ধৰি ৰাখিব পৰা যায়, লিখা–মেলা কৰি জ্ঞানচক্ষু মুকলি কৰাৰ লগতে তুলিকাৰে ছবি অংকন কৰিব পৰা যায়, হাৰমণিয়ামত সুৰৰ লহৰ তুলিব পৰা যায়, দৈনন্দিন জীৱনৰ প্রাত্যহিক কাম–কাজৰ কথাবোৰ নক’লোৱে যেনিবা৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল আমাৰ হাত দুখন বাহ্যিক জগতৰ লগত বহুলভাৱে সংস্পর্শলৈ অহা প্রধান অংগ৷ আকৌ বাহ্যিক জগতখন বীজাণুৰে পৰিপূর্ণ হৈ থাকে বুলি ক’লেও ভুল কৰা নহ’ব কিজানি৷ আমি যিখন বায়ুমণ্ডলৰ বাসিন্দা ঠিক তেনেকৈ একেখন বীজাণু মণ্ডলৰো বাসিন্দা৷ আমাৰ চৌপাশে অজস্র উপকাৰী–পকাৰী বীজাণুয়ে পিয়াপি দি থাকে৷ এই সুযোগসন্ধানী বীজাণুবোৰে আমাৰ শৰীৰত প্রৱেশ কৰিবলৈ অহৰহ প্রচেষ্টা অব্যাহত কৰি থাকে৷ কোনো উপযুক্ত মাধ্যম যেনে– বায়ু, পানী, মাটি আৰু হাত আদিৰ যোগেদি শৰীৰত প্রৱেশ কৰি ৰোগাক্রান্ত কৰি তোলাৰ আশংকা বৃদ্ধি কৰিব পাৰে৷ প্রদূষিত বায়ু, দূষিত পানী আৰু লেতেৰা মাটি যিদৰে অস্বাস্থ্যকৰ, ঠিক একেদৰে লেতেৰা হাত দুখনো হ’ব পাৰে ৰোগ সৃষ্টিৰ অন্যতম প্রধান হোতা৷

যোৱা ২০২০ চনৰ আৰম্ভণিতে ক’ভিড–১৯ৰ অবাধ সংক্রমণৰ এক অনুকূল পৰিৱেশ সূচনা কৰাৰ লগতে জীৱকুলৰ বিস্তৰ ক্ষতিসাধন হোৱাত আমাৰ হাত ধোৱাটো কিমান তাৎপর্যপূর্ণ তাক মর্মে মর্মে উপলব্ধি কৰিছে জনসাধাৰণে৷ পৰিষ্কাৰ হাত দুখন যে ক’ভিড–১৯ৰ দৰে বহু ৰোগ প্রতিৰোধ কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগায় তাত নতুনকৈ বুজাবলৈ আৰু কাকো দৰকাৰ নাই নিশ্চয়৷ কিন্তু এইটোও নহয় যে আমি হাত প্রক্ষলনত সচেতন নহয় বা হাত নুধুও৷ সৰহসংখ্যক লোকে ধুব লাগে কাৰণে ধুই নিয়মমাফিক কামফেৰা কৰি পর্বটো আধ্যা পেলাওঁ বা যদিও সকলোৱে আমাৰ হাতকেইখন ধুই পৰিষ্কাৰ কৰিবলৈ যত্নপৰ হওঁ, কিন্তু খুব কমসংখ্যক লোকেহে হাত দুখন সঠিক উপায় অৱলম্বন কৰি পৰিষ্কাৰ কৰিব জানো৷ কেতিয়া আৰু কেনেকৈ হাত দুখন ধুলে বীজাণুমুক্ত হৈ সুস্বাস্থ্যৰ লগতে ৰোগ–ব্যাধিমুক্ত জীৱনৰ অংশীদাৰ হ’ব পাৰোঁ তাত দৃষ্টি নিক্ষেপ কৰোঁ আহক৷
– বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদন অনুসৰি চাবোনেৰে হাত ধোৱাৰ সময়ত অতিকমেও ৪০ৰ পৰা ৬০ ছেকেণ্ড পর্যন্ত হাত ঘঁহিব লাগে৷ অৱশ্যে ছেনিটাইজাৰৰ ক্ষেত্রত ২০ৰ পৰা ৩০ ছেকেণ্ড ব্যৱহাৰ কৰিলেই যথেষ্ট বুলি সদৰী কৰে ৷
– খাদ্য খোৱাৰ আগত আৰু শৌচ–প্রস্রাৱ কৰাৰ পিছত হাত–মুখ চাবোনেৰে ঘঁহি ঘঁহি ধোৱাটো অভ্যাসত পৰিণত কৰিব লাগে৷
– ৰন্ধা–বঢ়া কৰাৰ আগমুহূর্তত আৰু কাৰোবাক খাদ্য পৰিৱেশন কৰাৰ প্রাকমুহূর্তত হাত ধোৱা নিতান্ত বাঞ্ছনীয় ৷
– বাহিৰৰ পৰা ঘৰলৈ উভতি আহিলে চাবোন পানীৰে হাত–মুখ ভালদৰে ধুই–পখালি লোৱা উচিত৷
– চকু–মুখ আদি স্পর্শ কৰাৰ দৰে সাধাৰণ কার্যকলাপৰ সময়তো হাত পৰিষ্কাৰ কৰা নিতান্ত প্রয়োজন৷
– দৈনন্দিন জীৱনৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ হাত পৰিষ্কৰণৰ ক্ষেত্রত বাৰুকৈয়ে তাৎপর্য বহন কৰা দেখা যায়৷ ৰোগীক সাক্ষাৎ কৰাৰ আগতে, বেজী দিয়াৰ আগতে, ৰোগীৰ নমুনা সংগ্রহৰ প্রাকমুহূর্তত, ৰোগীক স্পর্শ কৰাৰ আগতে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলে হাত ধুই পৰিষ্কাৰ হৈ কর্তব্য পালন কৰিলে নিশ্চয় চিকিৎসাৰ স্বাস্থ্যসন্মত বিধি পালন কৰা বুজাব৷ দৰাচলতে আমাৰ দেশত এই পদ্ধতি অনুকৰণ কৰা দেখা নাই যদিও চিকিৎসাৰ পিছত হাত–মুখ ধোৱা পৰম্পৰা চলি আহিছে৷

আকৌ হাত দুখন কেতিয়া ধুব লাগে তাক হূদয়ংগম কৰিলেই নহ’ব কেনেকৈ হাত দুখন ধুলে ‘আপোন হাত জগন্নাথ’ হৈ পৰিব তাৰ ওপৰত চোকা নজৰ দিব লাগিব৷ দৰাচলতে হাত দুখন সম্পূর্ণৰূপে পৰিচ্ছন্নতাৰ বাবে মোটামুটিকৈ নিম্নোলিখিত ৮টা প্রক্রিয়াৰ মাজেদি হাত ধুলে এখন বীজাণুমুক্ত হাতৰ অধিকাৰী হ’বলৈ সক্ষম হোৱাৰ আশা কৰিব পাৰোঁ৷
১৷ হাতৰ তলুৱাৰ পৰা তলুৱালৈ ঘর্ষণ
পোনপ্রথমে এখন হাতৰ তলুৱাত চাবোন লৈ আনখন হাতৰ তলুৱাৰে ঘঁহি ঘঁহি মাজিব লাগে৷
২৷ আঙুলিৰ ফাকবোৰ ঘর্ষণ
দ্বিতীয়তে এখন হাতেৰে আঙুলিবোৰৰ ফাকেৰে আনখন হাতৰ আঙুলি সোমাই দি ঘঁহি ঘঁহি মাজিব লাগে৷
৩৷ হাতৰ পিছফাল ঘর্ষণ
এখন হাতৰ পিছফাল আনখন হাতৰ তলুৱাৰে ঘঁহিব লাগে আৰু আনখন হাতৰ ক্ষেত্রতো একেই কৰিব লাগে৷
৪৷ আঙুলিৰ পিছফাল ঘর্ষণ
এখন হাতৰ আঙুলিৰ পিছফাল আনখন হাতৰ তলুৱাৰে ঘঁহিব লাগে আৰু আনখনৰ ক্ষেত্রতো একেই কৰিব লাগে৷
৫৷ বুঢ়া আঙুলিৰ ঘর্ষণ
ৰৈ যোৱা বুঢ়া আঙুলি দুটাৰ এটা আনখন হাতৰ তলুৱাৰে ঘূৰাই ঘূৰাই ঘঁহিব লাগে৷ আনটো একেদৰে কৰিব লাগে৷
৬৷ নখ মোহাৰা
এখন হাতত আঙুলিৰ মূৰকেইটা বিপৰীত হাতৰ তলুৱাত ৰাখি বৃত্তাকাৰে ঘঁহিব লাগে, একেদৰে আনখনৰ ক্ষেত্রতো কৰিব লাগে৷
৭৷ মণিবন্ধৰ ঘর্ষণ
ঘূর্ণনশীল ধৰণে দুয়োটা মণিবন্ধ ঘঁহি ধুব লাগে৷
৮৷ হাত দুখন শুকোৱা
নিকা কাপোৰেৰে দুয়োখন হাত সম্পূর্ণৰূপে মোহাৰি শুকাই ল’ব লাগে৷

ওপৰত উল্লিখিত আলচৰ পৰা এইটো সহজে প্রতীয়নমান হৈছে যে যদিও হাত ধোৱা কার্যটো সাধাৰণ তথাপি সুস্বাস্থ্যৰ মূলমন্ত্র জডিত হৈ আছে৷ গতিকে হাত ধোৱা বিষয়টো আন্তর্জাতিক ক্ষেত্রখনতো চিন্তা–চর্চাৰ কাৰণ হৈ পৰিছে৷ সেয়েহে প্রতিবছৰে ১৫ অক্টোবৰ দিনটো বিশ্বজুৰি ‘গোলকীয় হাত ধোৱা দিৱস’ পালন কৰি অহা হৈছে ২০০৮ চনৰ পৰা কেতবোৰ নির্দিষ্ট শ্লোগানক বিষয়বস্তু নির্ধাৰণ কৰি৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রথমবাৰ উদ্যাপন কৰা এই দিৱসত ৭০খনতকৈ অধিক দেশত প্রায় ১২০ নিযুত শিশুৱে চাবোনেৰে হাত ধুই নির্মল কৰিছিল৷ এইবাৰ গোলকীয় হাত ধোৱা দিৱস–২০২১ৰ মূল বিষয়বস্তু হ’ল– ‘আমাৰ ভৱিষ্যৎ আমাৰ হাতত– একেলগে আগবাঢ়ি যাওঁ আহক৷’(Our Future is at Hand-Let’s Move Forward Together.)

You might also like