নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় হাজাৰে এদিনীয়া ট্রফীত ক্রমাগত পঞ্চম জয়

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ  বি চি চি আইৰ আগশাৰীৰ ঘৰুৱা এদিনীয়া ক্রিকেট প্রতিযোগিতা বিজয় হাজাৰে ট্রফীত অসমক অহাবাৰ এলিট গ্রুপত দেশৰ শক্তিশালী ৰাজ্যসমূহৰ সৈতে দেখা যাব৷ প্লেট গ্রুপৰ দ্বিতীয় স্থানপ্রাপ্ত দল হিচাপে গকুল শর্মা নেতৃত্বাধীন অসমে আগন্তুক ছিজনত বিজয় হাজাৰে ট্রফীৰ এলিট গ্রুপলৈ যোগ্যতা অর্জন কৰে৷ চেন্নাইত প্লেট গ্রুপৰ অন্তিমখন মেচত দলটোৱে মিজোৰামক ১৮২ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ প্রথমে বেটিং কৰি অসমে ছাহিল জৈন, ডেনিছ দাস আৰু শিৱশংকৰ ৰয়ৰ অর্ধশতকৰ সহায়ত নির্ধাৰিত ৫০ অ’ভাৰত ৮ উইকেটৰ বিনিময়ত ৩৪২ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷

বৰপেটাৰ উদীয়মান অ’পেনাৰ ডেনিছ দাসে ৯৪ বলত ৮৫ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ অ’পেনাৰ পল্লৱ কুমাৰ দাস (৩৯)ৰ সৈতে তেওঁ প্রথম উইকেটত ৮৮ ৰান যোগ দি অসমক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হয়৷ শিৱশংকৰ ৰয়েও ৫৬ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ অধিনায়ক গকুল শর্মা প্রথমটো বলতে কোনো ৰান নকৰাকৈ আউট হয় যদিও প্রতিভাৱান বেটছমেন ছাহিল জৈনে ইনিংছৰ শেষৰ ফালে বিস্ফোৰক বেটিঙেৰে মাত্র ৪৭ বলত ৮৬ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ কুনাল শইকীয়াই ১৯, অভিৰাজ গগৈয়ে অপৰাজিতভাৱে ২১ আৰু প্রীতম দাসে অপৰাজিতভাৱে ১৩ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত মিজোৰামে ৪৩.৫ অ’ভাৰত মাত্র ১৬০ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷ দলটোৰ হৈ তাৰুৱাৰ কোহলিয়ে সর্বাধিক ৬৮ ৰানৰ অৱদান আগবঢ়ায়৷

অসমৰ হৈ উদীয়মান বেগী বলাৰ মুক্তাৰ হুছেইনে ৪টা, গকুল শর্মা আৰু ডেনিছ দাসে ৩টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ প্রতিযোগিতাখনৰ আটাইকেইখন মেচতে জয় সাব্যস্ত কৰি অসম অপৰাজেয় হৈ থাকে যদিও প্লে অফলৈ যোগ্যতা অর্জন কৰিব নোৱাৰিলে৷ উত্তৰাখণ্ডৰ সৈতে দলটোৱে ২০ পইণ্টকৈ লাভ কৰিবলৈ সক্ষম হয় যদিও উন্নত নেট ৰানৰেটৰ সুবাদত উত্তৰাখণ্ড নকআউট ৰাউণ্ডলৈ উন্নীত হয়৷ অৱশ্যে অসমে প্রতিযোগিতাখনৰ এলিট গ্রুপলৈ উন্নীত হোৱাটো ৰাজ্যৰ ক্রিকেটপ্রেমীৰ বাবে সুসংবাদ হিচাপে বিবেচিত হৈছে৷

You might also like