নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্চিলোনাৰ শিবিৰত আৰক্ষীৰ তালাচী; প্রাক্তন সভাপতি যোছেফ মাৰিয়া বার্টোমিউকে ধৰি ৭জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ‘বার্চাগেট’ দুর্নীতিকাণ্ডত বিশ্বৰ অন্যতম সফল আৰু তাৰকাখচিত ফুটবল ক্লাব বার্চিলোনাৰ প্রাক্তন সভাপতি যোছেফ মাৰিয়া বার্টোমিউকে ধৰি সাতজন বিষয়ববীয়াক গ্রেপ্তাৰ কৰিছে স্পেনিছ আৰক্ষীয়ে৷ বার্চিলোনাৰ শিবিৰত অতর্কিতে তালাচী চলাই যোৱানিশা এই বিষয়াকেইগৰাকীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বুলি সোমবাৰে বাতৰি প্রকাশ পাইছে৷ বার্চাগেট দুর্নীতিকাণ্ডৰ তদন্ত চলাই থকা স্পেনিছ আৰক্ষীৰ প্রাথমিক তদন্তত প্রকাশ পোৱা অনুসৰি বার্চিলোনাৰ সভাপতিৰ দায়িত্বত থকা সময়ছোৱাত যোছেফ মাৰিয়াই ক্লাবটোৰ কেইবাগৰাকীও খেলুৱৈ আৰু প্রশিক্ষকৰ বিৰুদ্ধে প্রৰোচনামূলক তথ্য প্রচাৰৰ বাবে এটা ছ’চিয়েল মিডিয়া সংস্থাক মোটা অংকৰ ধন আদায় দিছিল৷

স্পেনিছ ক্লাবটোৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰা ছুপাৰষ্টাৰ লি’নেল মেছি, প্রাক্তন প্রশিক্ষক পেপ গুৱার্ডিৱালা, প্রাক্তন ফুটবলাৰ জাভি আৰু ডিফেণ্ডাৰ জেৰার্ড পিকেৰ বিৰুদ্ধে যোৱা তিনি বছৰ ধৰি ছ’চিয়েল মিডিয়াত প্রৰোচনামূলক তথ্য প্রচাৰৰ ক্ষেত্রত যোছেফ মাৰিয়াই মুখ্য ভূমিকা গ্রহণ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে৷

ইয়াৰ বিনিময়ত প্রাক্তন সভাপতিগৰাকীয়ে ছ’চিয়েল মিডিয়া সংস্থাটোক প্রায় ১ লাখ ৭০ হাজাৰ ইউৰো আদায় দিয়া বুলি বাতৰি প্রকাশ পাইছে৷ যোৱা মাহত তেওঁৰ বিৰুদ্ধে উত্থাপিত এই সমস্ত অভিযোগ যোছেফ মাৰিয়াই খণ্ডন কৰিছিল যদিও বার্চিলোনাৰ আঠগৰাকী সদস্যই প্রাক্তন সভাপতিৰ বিৰুদ্ধে নতুনকৈ অভিযোগ দাখিল কৰাৰ পিছতে স্পেনিছ আৰক্ষীয়ে তীব্র গতিৰে তদন্ত আৰম্ভ কৰে৷

তদন্তৰ অংশস্বৰূপে আৰক্ষীয়ে যোৱানিশা নৌ কেম্পস্থিত বার্চিলোনাৰ শিবিৰত তালাচী চলাই যোছেফ মাৰিয়াসহ সাতজন বিষয়ববীয়াক গ্রেপ্তাৰ কৰে৷ এই ঘটনাই সমগ্র ফুটবল বিশ্বত খলকনি লগাইছে৷ মন কৰিবলগীয়া যে বার্চিলোনাৰ প্রাক্তন সভাপতিগৰাকীৰ সৈতে ছুপাৰষ্টাৰ মেছিৰ তিক্ততাপূর্ণ সম্পর্কই বিগত সময়ছোৱাত বাতৰিৰ শিৰোনাম দখল কৰিছিল৷

You might also like